অসম চৰকাৰৰ এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত উজলিল খুমটাইৰ যুৱক
অসম চৰকাৰৰ ADRE চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত উজলি উঠিবলৈ সক্ষম হ'ল যুৱক ।
অসম চৰকাৰৰ এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত উজলিল খুমটাইৰ যুৱক


ডিব্ৰুগড়, ১৬ অক্টোবৰ (হি.স.): অসম চৰকাৰৰ এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত জুইয়ে পোৰা সোণ হৈ উজলি উঠিবলৈ সক্ষম হ'ল খুমটাইৰ গোঁসাই সত্ৰ গাঁৱৰ এজন শিক্ষিত যুৱক । আৰ্থিক দৈন্যতাৰ মাজত ডাঙৰ হোৱা প‍ংকজ শইকীয়া নামৰ যুৱকজনে নিজৰ একাগ্ৰতা, অধ্যাৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে এই বৰ্ষত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষিত সফলতাৰে উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল ।

গোঁসাই সত্ৰ গাঁৱৰ লখেন শইকীয়া আৰু দিপালী শইকীয়াৰ পুত্ৰ পংকজ শইকীয়াই সৰুৰে পৰাই উপলব্ধি কৰিছিল এটা চৰকাৰী চাকৰিৰ গুৰুত্ব। অসম চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত স্বচ্ছ আৰু নিকা ভাৱে নিযুক্তি লাভ কৰি এতিয়া প‍ংকজৰ মুখত বিৰিঙিল আনন্দ আৰু সফলতাৰ হাঁহি । মাতৃৰ চকুৰে নিগৰিল আনন্দৰ অশ্ৰু । পুত্ৰ পংকজে পৰা নিজৰ হড়ভঙা কষ্টৰ সাৰ্থকতা লাভ দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া পংকজৰ পিতৃ লখেন শইকীয়া আজি অত্যন্ত সুখী । পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰি সুৰজেও জনালে অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা । তেওঁৰ সাফল্যই সমগ্ৰ অঞ্চলটোলৈ আনিলে আনন্দৰ বন্যা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande