লক্ষীমপুৰ, ১৬ অক্টোবৰ (হি.স.)। ঢকুৱাখনাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।
ঢকুৱাখনাৰ সামাজিক সাংস্কৃতিক সংগঠন বন্ধু ঢকুৱাখনা। এই 'বন্ধু ঢকুৱাখনা'ৰ উদ্যোগত অহা ১৬ৰ পৰা ১৮ নৱেম্বৰলৈ ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতা খনৰ উদযাপনৰ বাবে অস্থায়ী এটি কাৰ্যালয় মুকলি কৰে ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলে।
উক্ত অনুষ্ঠানতে বন্ধু গোষ্ঠীৰ এটি প্ৰতীক চিহ্ন উন্মোচন কৰা হয় এই প্ৰতীক চিহ্নটো ফিটা কাটি শুভ উদ্ধোধন কৰে ঢকুৱাখনা আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈয়ে। কাৰ্যসূচীত ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস ,পৌৰ আয়ুক্ত তিলেন দাস, বন্ধু আয়োজক সমিতিৰ বিষয়ববীয়া সকল সহিতে বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা