অসম আৰক্ষীৰ সকলো ছুটী বাতিল
গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। অসম আৰক্ষীৰ সকলো ছুটি সম্প্ৰতি বাতিল কৰা হৈছে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বাতিল কৰিছে এই সকলো ছুটি। সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ আৰক্ষীৰ মুখ্য কাৰ্যাল
অসম আৰক্ষীৰ সকলো ছুটী বাতিল


গুৱাহাটী, ১৬ অক্টোবৰ (হি.স.)। অসম আৰক্ষীৰ সকলো ছুটি সম্প্ৰতি বাতিল কৰা হৈছে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বাতিল কৰিছে এই সকলো ছুটি। সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উদ্ভৱ হোৱাশেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে সকলো ছুটী। সেই অনুসৰি পূৰ্ব অনুমোদিত কেজুৱেল লিভ, ষ্টেচন লিভ বাতিল কৰা হৈছে। স্বাস্থ্য সম্পৰ্কীয় জৰুকালীন সেৱাৰ বাদে সকলো ছুটী বাতিল কৰা হৈছে।

উল্লেখযোগ্য যে জুবিনৰ মৃত্যুৰ ঘটনাৰ ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পাঁচ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ ১৪ দিনৰ চিআইডি জিম্মাৰ ম্যাদ বুধবাৰে অন্ত পৰাৰ পিছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটী চেণ্ট্ৰেল জে’লৰ পৰিৱৰ্তে ৫ অভিযুক্তক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু ৫ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈছিল বাক্সাৰ নিকাছী। আৰক্ষীয়ে প্ৰতিবাদৰ মাজতে আটাইকেইজন অভিযুক্তক বাক্সা কাৰাগাৰত প্ৰৱেশ কৰায়। কিন্তু তাৰ পিছতে কাৰাগাৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কাৰাগাৰৰ বাহিৰত ক্ষুব্ধ প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতিও লাগে। আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এই ঘটনাত এজন যুৱক গুলীবিদ্ধ হয়। দীপক মেধি নামৰ যুৱকজনৰ বাঁওপিঠিত আৰক্ষীৰ গুলী লাগিছিল । ইয়াৰ পিছতে চাংসাৰিৰ এইমছত সম্পন্ন হৈছিল দীপকৰ অস্ত্ৰোপচাৰ। বাক্সাত আৰক্ষীৰ গুলীত আহত দীপক মেধি সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande