জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ দিনা শিৱসাগৰত অনুষ্ঠিত কৰা হব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ দিনা শিৱসাগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজনঃ ৫ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত। গঢ়ি তোলা হ''ব মানৱ শৃংখল। ১৭ অক্টোবৰত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জ
জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ দিনা শিৱসাগৰত অনুষ্ঠিত কৰা হব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি


শিৱসাগৰ, ১৬ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ দিনা শিৱসাগৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজনঃ ৫ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত। গঢ়ি তোলা হ'ব মানৱ শৃংখল। ১৭ অক্টোবৰত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান। উপস্থিত থাকিব ইমৰান শ্বাহ, ভোগেশ্বৰ বৰুৱা, নাহেন্দ্ৰ পাদুন। উদ্বোধন কৰিব শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মহাদেৱ পাটগিৰিয়ে।

বিপুল তেতিয়া ফুকন, বিপিন চাউদাং, নীল আকাশ, অনুষ্কা তৰংগিনীকে ধৰি বহু শিল্পীয়ে অংশগ্ৰহণ কৰিব। ৫ হাজাৰ লোকে মিলি পৰিৱেশন কৰিব মায়াবিনী গীত। তাৰ পাছতেই জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰ ন্যায় সমাৱেশ শীৰ্ষক মানৱ শৃংখল গঢ়ি তোলা হ'ব।

এই অনুষ্ঠানটো ৰাজহুৱা ভাৱে উদযাপন কৰা হৈছে বুলি মত প্ৰকাশ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, ৰাজনীতিক একাষৰীকৈ থৈ সকলোৱেই একেলগে জুবিনদাৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত উপস্থিত থাকিবৰ বাবে আহ্বান অখিল গগৈৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande