নগাঁৱ, ১৫ অক্টোবৰ (হি.স.)। নগাঁৱৰ কচুৱা ১ নং গৰুবন্ধাত কৰুণ ঘটনা । পানীত পৰি গুৰুতৰভাবে আহত এটা বন্যহস্তী। জীৱন মৃত্যুৰে যুঁজি আছে বন্যহস্তীটো ৷ বিগত ছয়মাহ ধৰি অসুস্থ হৈ আছিল বন্যহস্তীটো । সোঁফালে পিছ ভৰিত আঘাত প্ৰাপ্ত আছিল বন্যহস্তীটো । চিকিৎসাৰ অভাৱত আৰু বন বিভাগৰ গাফিলতিৰ ফলত বন্যহস্তীটোৰ উক্ত দুৰৱস্থা হোৱাৰ অভিযোগ ।
বন্যহস্তীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ । বন বিভাগক ফোন কৰিলেও কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ স্থানীয় লোকৰ । বৰ্তমান ঘটনাস্থলীত বন বিভাগ আৰু চিকিৎসকৰ দল উপস্থিত হৈ বন্যহস্তীটোৰ পৰ্যবেক্ষন কৰাৰ অন্তত চিকিতসাৰ ব্যৱস্থা কৰে ৷বন্যহস্তীটোৰ অৱস্থা বৰ্তমান অতি শোচনীয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা