বলীউডৰ দম্পতী কেটৰিনা কাইফ আৰু বিকি কৌশলে অতি সোনকালে জীৱনৰ আটাইতকৈ সুন্দৰ অধ্যায়ত নামি পৰিছে। অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ সময় ওচৰ চাপিছে, এতিয়া বিকি কৌশলে নিজেই এই সুখৰ খবৰৰ ইংগিত দি অনুৰাগীৰ উত্তেজনাক আৰু অধিক ইন্ধন যোগাইছে।
মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত বিকি কৌশলে প্ৰথমবাৰৰ বাবে পিতৃ হোৱাৰ অনুভৱৰ কথা ব্যক্ত কৰে। পিতৃ হোৱাৰ ক্ষেত্ৰত তেওঁ কিহৰ বাবে আটাইতকৈ বেছি আগ্ৰহী বুলি সোধাত হাঁহিমুখীয়া অভিনেতাগৰাকীয়ে কয়, “কেৱল পিতৃ হোৱা।” মুখৰ জিলিকনি আৰু হাঁহিটোৱে স্পষ্ট কৰি দিলে যে তেওঁ এই মুহূৰ্তটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
ভিকিয়ে আৰু ক'লে, এইটোৱেই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। মই বৰ উৎসাহিত। তেওঁ লগতে কয়, সময় প্ৰায় আহিল... মাত্ৰ আঙুলি টোৱাইছে। অভিনেতাজনে হাঁহি হাঁহি কয়, মোৰ এনে লাগে যেন মই ঘৰৰ পৰা একেবাৰেই ওলাই নাযাওঁ।
এই বক্তব্যই স্পষ্ট কৰি দিয়ে যে অকণমানি অতিথিৰ হাঁহিত অতি সোনকালে কৌশল পৰিয়ালটো ভৰি পৰিব। ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে এই খবৰ পাই আনন্দত আত্মহাৰা হৈ পৰিছে আৰু দম্পতীহালক শুভেচ্ছা জনাইছে।
২০২১ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত ৰাজস্থানত ৰজাঘৰীয়া অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় কেটৰিনা কাইফ আৰু বিকি কৌশল। তেতিয়াৰ পৰা দুয়োকে বলীউডৰ অন্যতম প্ৰিয় দম্পতী হিচাপে গণ্য কৰা হয়, আৰু এতিয়া তেওঁলোকৰ জীৱনৰ নতুন আৰম্ভণিৰ সময় ওচৰ চাপি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া