ৱাশ্বিংটন, ১৫ অক্টোবৰ (হি.স.)। ভেনিজুৱেলাৰ উপকূলত এখন নাওত উঠি আমেৰিকাৰ সেনাই ৬ জন লোকক নিহত কৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই তথ্য দিলে। তেওঁ কয় যে এই লোকসকলে ড্ৰাগছ কঢ়িয়াই লৈ ফুৰিছিল। এই পৰ্যন্ত সামৰিক বাহিনীয়ে এনে ২৭ জন লোকক হত্যা কৰিছে। ২ ছেপ্টেম্বৰৰ পিছত আমেৰিকাৰ সেনাই এনেধৰণৰ পঞ্চমটো পদক্ষেপ।
দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে যে ভেনিজুৱেলাৰ উপকূলৰ আন্তৰ্জাতিক জলসীমাত এখন নাওত উঠি আমেৰিকাই ছয়জন লোকক হত্যা কৰে। কোনো প্ৰমাণ নোহোৱাকৈয়ে দাবী কৰে যে তেওঁলোকে ড্ৰাগছ কঢ়িয়াই লৈ ফুৰিছিল। ট্ৰাম্পে কয় যে চোৰাংচোৱাই নিশ্চিত কৰিছে যে নাওখনে ড্ৰাগছ সৰবৰাহ কৰিছিল।
ট্ৰাম্পে ৩৩ ছেকেণ্ডৰ আকাশী চোৱাচিতাৰ ভিডিঅ’ও পোষ্ট কৰে। ইয়াত এখন সৰু নাও ভাঁহি থকা আৰু তাৰ পিছত মিছাইলৰ আঘাতত বিস্ফোৰণ হোৱা দেখা গৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে নিহতসকলৰ ৰাষ্ট্ৰীয়তা প্ৰকাশ কৰা নাই আৰু কোনো নিৰ্দিষ্ট ড্ৰাগছ কাৰ্টেল বা অপৰাধী দলৰ নামো উল্লেখ কৰা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া