সপ্তম কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ ভাৰত নিৰ্বাচিত
নিউয়ৰ্ক, ১৫ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ ২০২৬-২০২৮ বৰ্ষৰ বাবে ভাৰত নিৰ্বাচিত হৈছে। এয়া হ’ব ভাৰতৰ সপ্তম কাৰ্যকাল। মঙলবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলৰ ঘোষণা ইউএনএইচআৰচিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। অহা বছৰৰ ১ জানুৱা
संयुक्त राष्ट्र मानवाधिकार परिषद ने भारत समेत 14 सदस्यों के चयन की घोषणा एक्स पर साझा की।


নিউয়ৰ্ক, ১৫ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ ২০২৬-২০২৮ বৰ্ষৰ বাবে ভাৰত নিৰ্বাচিত হৈছে। এয়া হ’ব ভাৰতৰ সপ্তম কাৰ্যকাল। মঙলবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলৰ ঘোষণা ইউএনএইচআৰচিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। অহা বছৰৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰতৰ তিনি বছৰীয়া কাৰ্যকাল।

ইউএনএইচআৰচিৰ ইনষ্টাগ্ৰাম পোষ্ট অনুসৰি সাধাৰণ পৰিষদে ২০২৬-২০২৮ বৰ্ষৰ কাৰ্যকালৰ বাবে মানৱ অধিকাৰ পৰিষদৰ ১৪ জন সদস্যক নিৰ্বাচিত কৰে। এই সদস্য দেশসমূহ হ’ল এংগোলা, চিলি, ইকুৱেডৰ, ইজিপ্ত, ইষ্ট’নিয়া, ভাৰত, ইৰাক, ইটালী, মৰিচাছ, পাকিস্তান, স্লোভেনিয়া, দক্ষিণ আফ্ৰিকা, যুক্তৰাজ্য, আৰু ভিয়েটনাম।

সাধাৰণ পৰিষদৰ ঘোষণাৰ পিছতে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে ইনষ্টাগ্ৰাম পোষ্টত কয় যে এই নিৰ্বাচনে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে। হৰিশে ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে ভাৰতে নিজৰ কাৰ্যকালত এই লক্ষ্যসমূহ আগুৱাই নিয়াৰ বাবে সকলো প্ৰচেষ্টা চলাব। তেওঁ সকলো প্ৰতিনিধি দলক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

৪৭ জনীয়া মানৱ অধিকাৰ পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা প্ৰধান সংস্থা, যাক বিশ্বজুৰি মানৱ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ দায়িত্ব দিয়া হৈছে। ২০০৬ চনত সাধাৰণ পৰিষদে প্ৰতিষ্ঠা কৰাৰ সময়ত ভাৰত প্ৰথমবাৰৰ বাবে পৰিষদলৈ নিৰ্বাচিত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande