জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে অসমৰ একাংশ বুদ্ধিজীৱীৰ মৌনতাক লৈ তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাৰ আক্ষেপ
শোণিতপুৰ, ১৫ অক্টোবৰ (হি.স.)। তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সাংবাদমেল অনুষ্ঠিত কৰি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে অসমৰ একাংশ বুদ্ধিজীৱীৰ মৌনতাক লৈ তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাৰ আক্ষেপ
তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই


তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই


শোণিতপুৰ, ১৫ অক্টোবৰ (হি.স.)। তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাই আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সাংবাদমেল অনুষ্ঠিত কৰি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে অসমৰ একাংশ বুদ্ধিজীৱীৰ মৌনতাক লৈ তেজপুৰ জুবিনিয়ানৰ উপদেষ্টা তৃষাণু ভূঞাৰ আক্ষেপ ব্যক্ত কৰে। তেওঁ কয় যে, জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে বহুতে মাত মাতি আহিছে কিন্তু অসমৰ একাংশ বুদ্ধিজীৱী আজি নিমাত । এই ক্ষেত্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্ত একেবাৰে নিমাত। তেখেতৰ ভাতৃ শ্যামকানু মহন্ত এই ঘটনাৰ লগত থকাৰ বাবেই তেওঁ মৌন হৈ আছে নেকি,তেখেতৰ প্ৰয়োজন আছে কিয়নো বহু বছৰ অসম আৰক্ষীৰ এগৰাকী বিষয়া হিচাবে কাম কৰি আহিছে আৰু বহুতো কথা জানে সেইবাবে তেখেতলোকৰ মতামতৰ প্ৰয়োজন আছে । জুবিন গাৰ্গৰ লগত তেখেতৰ বহুত ভাল সম্পৰ্ক আছিল গতিকে এটা দিহা পৰামৰ্শ আৰু এই ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰাৰ ক্ষেত্ৰত প্ৰয়োজন বুলি আমি ভাবো আৰু বহুতো ব্যক্তি আছে বুলি ভূঞাই কয় ।

আনহাতে তেজপুৰ জুবিনিয়ানয়ে জিলা আয়ুক্তক আবেদন জনাইছে যে জুবিন গাৰ্গৰ নামত এখন পার্কৰ বাবে অনুৰোধ জনাইছোঁ । লগতে চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান জুবিন গাৰ্গৰ এখন ফটো ৰখাটো বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে । আনহাতে তেজপুৰৰ প্ৰতি ঘৰত জুবিনিয়ানয়ে এজোপাকৈ নাহৰ পুলি প্ৰদান কৰিব আৰু সেই পুলিটো প্ৰতিপালন কৰাৰ দায়িত্ব সেই ঘৰখনৰ হব আৰু এটা সময়ত তেজপুৰ সংস্কৃতিৰ নগৰীৰ লগতে নাহৰৰ নগৰী হিচাবে নামাকৰণ কৰাৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াব যে ভৱিষ্যত নাহৰৰ নগৰী হিচাবে পৰিগণিত হ'ব বুলি তেওঁ কয় ।

আনহাতে জুবিন গাৰ্গৰ মায়াবিনী গীতটো বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ পাঠৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ তাৰ বাবে আলোচনা কৰিবলৈ চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande