দিল্লী-এনচিআৰত সেউজীয়া ফটকা নিৰ্মাণ আৰু বিক্ৰীৰ বাবে চৰ্তসাপেক্ষ অনুমতি
নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত সেউজ ফটকা নিৰ্মাণ আৰু বিক্ৰীৰ বাবে চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে ১৫ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, দীপাৱলী উপলক্ষে সেউজ ফটকা নিৰ
सुप्रीम कोर्ट


নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত সেউজ ফটকা নিৰ্মাণ আৰু বিক্ৰীৰ বাবে চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে ১৫ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, দীপাৱলী উপলক্ষে সেউজ ফটকা নিৰ্মাণ আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰে।

আদালতে উল্লেখ কৰে যে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ আৰু নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈ সেউজীয়া ফটকা ব্যৱহাৰ কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত উল্লেখ কৰিছে যে সম্পূৰ্ণ নিষেধাজ্ঞাৰ ক্ষেত্ৰত ফটকা চোৰাংভাৱে অনা হয়, আৰু সেয়েহে সেউজীয়া ফটকাতকৈ অধিক ক্ষতি কৰে। আমি এক সুষম পন্থা গ্ৰহণ কৰিব লাগিব। সীমিত পৰিমাণত অনুমতি দিলে পৰিৱেশৰ লগত আপোচ কৰা উচিত নহয়।

১০ অক্টোবৰত বিষয়টোৰ ওপৰত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে ইংগিত দিছিল যে দীপাৱলীৰ বাবে সেউজ ফটকা ব্যৱহাৰৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই ল’ব পাৰে। শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বাস দিয়ে যে কেৱল অনুজ্ঞাপত্ৰপ্ৰাপ্ত ফটকা প্ৰস্তুতকাৰীকহে ফটকা নিৰ্মাণৰ অনুমতি দিয়া হ’ব। আদালতে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি সুষম নীতি প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিয়ে।

৬ মে’ত আদালতে দিল্লী-এনচিআৰত ফটকা নিষেধাজ্ঞা অব্যাহত ৰাখি উত্তৰ প্ৰদেশ, ৰাজস্থান, আৰু হাৰিয়ানাক এই নিষেধাজ্ঞা বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে সকীয়াই দিয়ে যে যদিহে ইয়াৰ নিৰ্দেশ কাৰ্যকৰী নহয় তেন্তে অৱমাননাৰ গোচৰ আৰম্ভ কৰা হ’ব।

ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত ফটকাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক সমৰ্থন কৰিছিল। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে যদিহে সেউজ ফটকায়ে নগণ্য প্ৰদূষণৰ সৃষ্টি কৰে বুলি প্ৰমাণিত নোহোৱালৈকে পূৰ্বৰ নিষেধাজ্ঞাৰ আদেশ সলনি কৰাৰ কোনো ন্যায্যতা নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande