প্ৰধানমন্ত্ৰী মোদীৰ আজি অন্ধ্ৰপ্ৰদেশত ১৩,৪৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে শ্ৰীশৈলামৰ প্ৰখ্যাত শ্ৰী ভ্ৰমৰম্বা মল্লিকাৰ্জুন স্বামী বৰলা দেৱস্থানত প্ৰাৰ্থনা কৰিব। ইয়াৰ উপৰিও তেওঁ কুৰ্ণুলত ১৩,৪৩০ কোটি ₹ ব্যয় সাপ
প্ৰধানমন্ত্ৰী মোদী


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীয়ে শ্ৰীশৈলামৰ প্ৰখ্যাত শ্ৰী ভ্ৰমৰম্বা মল্লিকাৰ্জুন স্বামী বৰলা দেৱস্থানত প্ৰাৰ্থনা কৰিব। ইয়াৰ উপৰিও তেওঁ কুৰ্ণুলত ১৩,৪৩০ কোটি ₹ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, পুৱা নন্দিয়াল জিলাৰ শ্ৰীশৈলামৰ প্ৰখ্যাত শ্ৰী ভ্ৰমৰম্বা মল্লিকাৰ্জুন স্বামী বৰলা দেৱস্থানত প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰিব। এই মন্দিৰটো ১২টা জ্যোতিৰ্লিংগ আৰু ৫২টা শক্তিপীঠৰ ভিতৰত অন্যতম। এই মন্দিৰৰ অনন্য বৈশিষ্ট্য হ’ল ইয়াত একেটা চৌহদৰ ভিতৰতে জ্যোতিৰ্লিংগ আৰু শক্তিপীঠ দুয়োটা স্থান আছে, যাৰ বাবে ই দেশৰ এক অনন্য ধৰ্মীয় স্থান।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীশৈলামৰ শ্ৰী শিৱাজী স্ফুৰ্তি কেন্দ্ৰ পৰিদৰ্শন কৰিব। এই কেন্দ্ৰটো ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতি উৎসৰ্গিত এটা স্মৃতিসৌধ, য’ত ধ্যান মন্দিৰৰ চাৰিটা চুকত থকা তেওঁৰ চাৰিটা ডাঙৰ দুৰ্গ—প্ৰতাপগড, ৰাজগড, ৰাইগড়, আৰু শিৱনেৰী—ৰ আৰ্হি আছে। এই কেন্দ্ৰটোত ধ্যান-ধাৰণামূলক ভংগীমাত শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি আছে। ১৬৭৭ চনত শিৱাজী মহাৰাজৰ শ্ৰীশৈলাম ভ্ৰমণৰ স্মৃতিত স্থাপিত শ্ৰী শিৱাজী স্মাৰক সমিতিয়ে এই স্মৃতিসৌধ পৰিচালনা কৰে।

ইয়াৰ পৰা প্ৰধানমন্ত্ৰীয়ে কুৰ্ণুললৈ যাব, য’ত প্ৰায় ২:৩০ বজাত তেওঁ প্ৰায় ১৩,৪৩০ কোটি ₹ৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, উদ্বোধন কৰিব, আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সমাৱেশতো ভাষণ দিব। এই প্ৰকল্পসমূহে উদ্যোগ, পথ, ৰে’লৱে, শক্তি, প্ৰতিৰক্ষা উৎপাদন, আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে মূল খণ্ডসমূহ সামৰি লয়। আঞ্চলিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে।

প্ৰধানমন্ত্ৰীয়ে কুৰ্ণুল-তৃতীয় পুলিং ষ্টেচনত ট্ৰেন্সমিছন চিষ্টেম শক্তিশালীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ ব্যয় হ’ব ২,৮৮০ কোটি ₹ৰো অধিক। ইয়াৰ দ্বাৰা ৰূপান্তৰ ক্ষমতা ৬,০০০ এমভিএ বৃদ্ধি পাব আৰু নবীকৰণযোগ্য শক্তিৰ সঞ্চাৰণক প্ৰসাৰিত হ’ব।

ঔদ্যোগিক উন্নয়ন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে কুৰ্নুলত অৰভাকাল ঔদ্যোগিক এলেকা আৰু কদাপাৰ কোপপৰ্থী ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰিব, য’ত মুঠ বিনিয়োগ হ’ব ৪,৯২০ কোটি ₹তকৈ অধিক। এই প্ৰকল্পসমূহে প্ৰায় এক লাখ চাকৰিৰ সৃষ্টি কৰিব আৰু ২১,০০০ কোটি ₹ৰ বিনিয়োগ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

পথৰ আন্তঃগাঁথনি উন্নত কৰাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ₹৯৬০ কোটি ব্যয় সাপেক্ষে সব্বৱৰাম-শ্বীলনগৰ ছয়লেনযুক্ত গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও ₹১,১৪০ কোটি টকাৰ বিভিন্ন পথ প্ৰকল্প উদ্বোধন কৰা হ’ব, যাৰ ফলত ৰাজ্যজুৰি যাতায়ত, সুৰক্ষা, আৰু সংযোগৰ উন্নতি ঘটিব।

ৰেলৱে খণ্ডত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব আৰু ₹১,২০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পসমূহ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত কোট্টৱালাছা-বিজয়নগৰম চতুৰ্থ ৰে’লপথ, পেণ্ডুৰঠি-সিংহচলাম উত্তৰ ৰে’ল উৰণীয়া সেতু, শিমিলিগুড়া-গোৰপুৰ অংশ দ্বৈতকৰণ কৰা আদি প্ৰকল্প।

শক্তি খণ্ডত প্ৰধানমন্ত্ৰীয়ে গেইল ইণ্ডিয়া লিমিটেডৰ ১,৭৩০ কোটি টকাৰ শ্ৰীকাকুলাম-আংগুল প্ৰাকৃতিক গেছ পাইপলাইন আৰু চিত্তুৰত ইণ্ডিয়ান অইল এল পি জি বটলিং প্লাণ্ট উদ্বোধন কৰিব। এই উদ্যোগসমূহে ৭.২ লাখৰো অধিক গ্ৰাহকক উপকৃত কৰিব।

প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃষ্ণ জিলাৰ নিম্মালুৰুত ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ এডভান্সড নাইট ভিজন প্ৰডাক্টছ ফেক্টৰী দেশৰ বাবে উৎসৰ্গা কৰিব। প্ৰায় ৩৬০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই কাৰখানাটোৱে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে উন্নত ইলেক্ট্ৰ’-অপ্টিকেল ব্যৱস্থা নিৰ্মাণ কৰি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande