বাক্সাত উত্তেজনাঃ আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ, আহত আৰক্ষী জোৱান
বাক্সা, ১৫ অক্টোবৰ (হি.স.)। বুধবাৰে দুপৰীয়া বাক্সা জিলাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। চিআইডিৰ জিম্মাৰ ম্য়াদ অন্ত পৰাৰ পিছত আৰক্ষীয়ে কণ্ঠশিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে জড়িত ইভেণ্ট অৰ্গেনাইজাৰ শ্যামকানু মহন্ত আৰু মেনেজাৰ সি
असमः बाक्सा जेल के बाहर उत्तेजनापूर्ण माहौल का दृश्य


বাক্সা, ১৫ অক্টোবৰ (হি.স.)। বুধবাৰে দুপৰীয়া বাক্সা জিলাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। চিআইডিৰ জিম্মাৰ ম্য়াদ অন্ত পৰাৰ পিছত আৰক্ষীয়ে কণ্ঠশিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে জড়িত ইভেণ্ট অৰ্গেনাইজাৰ শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওলোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকী অহাৰ আশংকা কৰি আৰক্ষী বিভাগে তেওলোকক বাক্সা কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি আৰক্ষীৰ কনভয় বাক্সা কাৰাগাৰৰ কাষ চাপি অহাৰ লগে লগে এটা জনসমাগম হিংসাত্মক ৰূপ ধাৰণ কৰে। ক্ষুব্ধ ৰাইজে আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে আৰক্ষীৰ এখন বাহনৰ ক্ষতিসাধন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা প্ৰয়োগ কৰি কন্দুৱা গেছ নিক্ষেপ কৰে।

ক্ষুদ্ধ জনতাৰ আক্ৰমণত এগৰাকী মহিলা আৰক্ষী বিষয়া আহত হোৱাৰ বিপৰীতে এখন আৰক্ষী বাহনৰ ক্ষতিসাধন কৰে। ঘটনাস্থলীৰ বাতৰি পৰিৱেশন কৰি থকা সাংবাদিক বঞ্জিত কলিতা আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিও কেইবাজনো আৰক্ষী আহত হয়, আৰু কিছুমানে নিজৰ জীৱন ৰক্ষাৰ বাবে এখন দলঙৰ তলত আশ্ৰয় লয়।

বাক্সা কাৰাগাৰ চৌহদৰ বাহিৰৰ পৰিৱেশ উত্তাল হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে বাকী তিনিজন অভিযুক্ত সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো কটকটীয়া নিৰাপত্তা আবেষ্টনীৰ মাজত ৰখা হৈছে। বৰ্তমান এই পাঁচোজনকে কঠোৰ আৰু বিশেষ নিৰাপত্তাৰ ব্যৱস্থাৰ অধীনত নতুনকৈ উন্নীত কৰা বাক্সা কাৰাগাৰ চৌহদত ৰখা হৈছে।

জিলা বিষয়া সকলে নিশ্চিত কৰিছে যে পৰিস্থিতি উত্তেজিত যদিও নিয়ন্ত্ৰণত আছে, আৰু অধিক অশান্তি ৰোধ কৰিবলৈ কাৰাগাৰ চৌহদ আৰু ইয়াৰ আশে-পাশে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে ১৪ দিনীয়া চি আই ডিৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত আজি গুৱাহাটীৰ চি জে এম আদালতত হাজিৰ কৰোৱা হয় ৫ অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। গুৱাহাটী কাৰাগাৰত বন্দী হ’লে তেওঁলোকৰ জীৱনলৈ ভাবুকি আহিব বুলি উল্লেখ কৰি বাক্সাৰ নৱনির্মিত কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ বাক্সাৰ কাৰাগাৰত বৰ্তমান কোনো কাৰাবন্দী নাথাকে। অভিযুক্তৰ সুৰক্ষাৰ বাবে বাক্সাৰ কাৰাগাৰ বাছনি কৰা হৈছিল।

কিন্তু সংবাদ মাধ্যমে জুবিন গাৰ্গৰ মৃত্যুৰ ৫ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱা বুলি খবৰ পোৱাৰ লগে লগে কাৰাগাৰৰ বাহিৰত পুৰুষ-মহিলাৰ ভীৰ গোট খাবলৈ ধৰে। অভিযুক্তক জনসাধাৰণৰ হাতত গতাই দিবলৈ দাবী জনায় যাতে শীঘ্ৰে ন্যায় প্ৰদান কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande