টেল আভিভ, ১৫ অক্টোবৰ (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মঙলবাৰে কয় যে তেওঁ গাজাত বাকী থকা মৃত পণবন্দীসকলৰ বিষয়ে “কেইঘণ্টামানৰ পিছত” তথ্য লাভ কৰাৰ আশা কৰিছে।
মধ্য ইজৰাইলৰ এখন চিকিৎসালয়ত মুক্ত পণবন্দীসকলৰ সৈতে সাক্ষাৎ কৰি নেতান্যাহুৱে কয় যে আমি আশা কৰিছো যে আমি অতি সোনকালে, কেইঘণ্টামানৰ পিছত খবৰ লাভ কৰিম। কিন্তু আমাৰ সংকল্প সকলোকে ঘূৰাই অনা।
নিহত পণবন্দীসকলৰ মৃতদেহ ঘূৰাই অনাত পলম হোৱাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি ইজৰাইলে মঙলবাৰে গাজালৈ প্ৰেৰণ কৰা মানৱীয় সাহায্য আধালৈ হ্ৰাস কৰি ৰাফাহ সীমান্ত ক্ৰছিং বন্ধ ৰখাৰ সিদ্ধান্ত লয়।
ইফালে হামাছে কয় যে মৃত পণবন্দীসকলৰ কিছুমানৰ অৱশিষ্ট উদ্ধাৰ কৰিবলৈ আৰু বেছি সময় লাগিব পাৰে, কিয়নো গাজাৰ বহু ঠাইত ধ্বংসাৱশেষৰ তলত সমাধিস্থল ধৰা পৰা নাই।
দেওবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে এই অসুবিধা স্বীকাৰ কৰি কয় যে, “এয়া সম্ভৱ যে কিছুমান পণবন্দী কেতিয়াও ঘূৰি নাহিবও পাৰে।”
পণবন্দীসকলক মুকলি কৰি দিয়া আৰু মৃতদেহ ঘূৰাই অনাক লৈ চলি থকা উত্তেজনা এতিয়া গাজা যুদ্ধৰ মাজত মানৱীয় সংকট আৰু কূটনৈতিক সংঘাতৰ নতুন কেন্দ্ৰবিন্দু হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া