গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। শিক্ষক নিযুক্তিক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰিলে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰে যে অহা ১৭ অক্টোবৰ ২০২৫ত ঘোষণা কৰা হ’ব স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল। প্রতিগৰাকী প্রার্থীলৈ অনাগত উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ উক্ত পোষ্ট শ্বেয়াৰ কৰি আন এক ভাল খবৰ দিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। উক্ত পৰীক্ষাৰ ফলাফলৰ পিছতে ঘোষণা কৰা হ’ব আন এক পৰীক্ষাৰ ফলাফল। ডাঃ ৰণোজ পেগুৱে লিখিছে, ‘‘স্নাতক, স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক শিক্ষকৰ ফলাফল ঘোষণা কৰা হ’ব।’’
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ