নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ অভিলেখ ভংগকাৰী বৃদ্ধি আজিও অব্যাহত আছে। এই দুয়োটা চিকচিকিয়া ধাতুই পুনৰবাৰ শক্তিৰ নতুন শিখৰত উপনীত হৈছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ২৭০০ টকাৰ পৰা ২৯৫০ টকা প্ৰতি ১০ গ্ৰামত বৃদ্ধি পাইছে। একেদৰে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৪ হাজাৰ টকা জঁপিয়াই নতুন উচ্চতাত উপনীত হৈছে।
মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰামৰ ২৪ কেৰেটৰ সোণৰ মূল্য ১,২৮,৩৬০ টকাৰ পৰা ১,২৮,৫১০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৭,৬৬০ টকাৰ পৰা ১,১৭,৮১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্য বৃদ্ধিৰ বাবে আজি দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰাম ১,৮৯,১০০ টকাত বিক্ৰী হৈছে।
দিল্লীত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৮,৫১০ টকা বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৭,৮১০ টকা ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৮,৩৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৭,৬৬০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৮,৪১০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৭,৭১০ টকা।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১,২৮,৩৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ১,১৭,৬৬০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১,২৮,৩৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ১,১৭,৬৬০ টকা।
লক্ষ্ণৌৰ বুলিয়ন বজাৰত আজি ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,২৮,৫১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,১৭,৮১০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৮,৪১০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৭,৭১০ টকাত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৮,৫১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৭,৮১০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৮,৩৬০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৭,৬৬০ টকাত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া