কৃষকসকলে কৃষি লাভজনক কৰি তুলিবলৈ পিএমএফএমই, পিএমডিডিকেৱাইৰ সুবিধা ল’ব লাগেঃ সীতাৰমণ
নতুন দিল্লী/কোপ্পাল, ১৫ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে কৃষকসকলক সংগঠিত খণ্ডলৈ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগক অনাৰ আঁচনি পিএমএফএমই আৰু প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনা (পিএমডিডিকেৱাই)ৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্ব
‘किसान प्रशिक्षण एवं साझा सुविधा केंद्र’ के उद्घाटन पर संबोधित करते वित्‍त मंत्री


নতুন দিল্লী/কোপ্পাল, ১৫ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে কৃষকসকলক সংগঠিত খণ্ডলৈ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগক অনাৰ আঁচনি পিএমএফএমই আৰু প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনা (পিএমডিডিকেৱাই)ৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়, যাতে কৃষিক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব পাৰি।

কৰ্ণাটকৰ কোপ্পাল জিলাৰ মেথাগল গাঁৱত কৃষক প্ৰশিক্ষণ আৰু সাধাৰণ সুবিধা কেন্দ্ৰ উদ্বোধন কৰাৰ পাছত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত এই মন্তব্য কৰে। সীতাৰমনে কয় যে নতুন প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংস্কাৰে গ্ৰাম্য আৰু কৃষি জনগোষ্ঠীকো উপকৃত কৰিব। নিৰ্মলা সীতাৰমনৰ সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন পুঁজি (এমপিএলএডি)ৰ পৰা এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।

সীতাৰমনে আৰু কয় যে, “যেতিয়া আমি দীৰ্ঘম্যাদীভাৱে মূল্য সংযোজনৰ কথা কওঁ, তেতিয়া প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ (পিএম-এফএমই) আঁচনিৰ আনুষ্ঠানিককৰণৰ কথা লগে লগে মনলৈ আহে।” বিত্তমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনৰ প্ৰসাৰৰ বাবে পিএমএফএমই আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক আৰু কাৰিকৰী সহায় আগবঢ়ায় আৰু উদ্যোগসমূহক আধুনিকীকৰণত সহায় কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে গ্ৰাম্য উদ্যোগীকৰণক উৎসাহিত কৰি গাঁৱে-ভূঞে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে, ২০২০ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ৩,৭০০ কোটিতকৈ অধিক ধন মুকলি কৰিছে। কৃষকৰ বাবে ১১ হাজাৰ কোটি টকাৰ ঋণ অনুমোদন কৰা হৈছে, আনহাতে এক লাখতকৈ অধিক কৃষি উদ্যোগীৰ উত্থান ঘটিছে।

পিএমডিডিকেৱাই আঁচনিৰ কথা উল্লেখ কৰি সীতাৰমণে কয় যে, ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিৰ অধীনত ২৪ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা জিলাসমূহৰ ভিতৰত কোপ্পাল অন্যতম।

বিত্তমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ ৪৩ লাখ কৃষক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী, যাৰ অধীনত তেওঁলোকে প্ৰতি বছৰে তিনি কিস্তিত পোনপটীয়াকৈ ৬ হাজাৰ ₹ একাউণ্টত লাভ কৰে। সীতাৰমণে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত জি এছ টি পৰিষদে দেৱালীৰ পূৰ্বে নতুন প্ৰজন্মৰ জি এছ টি সংস্কাৰ প্ৰণয়ন কৰিছিল, যিটো নৱৰাত্ৰিৰ প্ৰথম দিনাই কাৰ্যকৰী কৰা হৈছিল। এতিয়া কৃষি সঁজুলি, সৌৰ শক্তি কেন্দ্ৰ, ট্ৰেক্টৰ, কৃষি যন্ত্ৰৰ ওপৰত কৰ হয় আঁতৰোৱা হৈছে নহয় ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande