ভেংকুৱাৰ, ১৫ অক্টোবৰ (হি.স.)। ব্ৰেম্পটন ব্লিটজে মঙলবাৰে নিশা (ভাৰতৰ সময় অনুসৰি বুধবাৰে) মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক ৮ উইকেটত পৰাস্ত কৰি উদ্বোধনী কানাডা ছুপাৰ ৬০ প্ৰতিযোগিতাত জয়লাভ কৰে। বি চি প্লেচত অনুষ্ঠিত চূড়ান্ত খেলখনত ব্ৰেম্পটন ব্লিটজে মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক ৮ উইকেটত পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰা টাইগাৰছৰ মাত্ৰ ৬৯ ৰানত বল আউট হয়। ব্ৰেম্পটনৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ডিলান হেইলিগাৰে মাত্ৰ ৯ ৰানত ৪ উইকেট দখল কৰে। ডেভিড উইজে ৬ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ক্ৰীছ গ্ৰেভছে ১৬ ৰানত তিনিটা উইকেট দখল কৰি টাইগাৰছক মাত্ৰ ৮ অভাৰত সীমাবদ্ধ কৰে। বেটছমেনৰ ভিতৰত মাত্ৰ ছাকিব আল হাছানে (২৯ ৰান, ১২ বল) আৰু দিলপ্ৰীত বাজৱা (১৮ ৰান, ৮ বল)হে ডাবল ফিগাৰত উপনীত হয়।
লক্ষ্য খেদি খেদি ব্ৰেম্পটন ব্লিটজে মাত্ৰ ৫.৫ অভাৰত জয়লাভ কৰে। মাৰ্টিন গুপটিলে ২৩ ৰান (১৩ বল)ৰ অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে জেমছ ভিন্সে ৩৪ ৰান (১৬ বল) সংগ্ৰহ কৰে য’ত চাৰিটা চাৰি আৰু দুটা ছয় অন্তৰ্ভুক্ত। এলেক্স ডেভিছে ছয় মাৰি দলটোক জয়ী ফিনিচিং দিলে।
ছেমি ফাইনেলত গুপটিল আৰু স্মিডৰ বিস্ফোৰক বেটিং
দিনটোৰ প্ৰথমটো ছেমি ফাইনেলত ব্ৰেম্পটন ব্লিটজে মিচিছাগা মাষ্টাৰছক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ১৪৮ ৰানৰ লক্ষ্য খেদি খেদি মাৰ্টিন গুপটিলে (৭৯ ৰান, ২৫ বল) আৰু উইল স্মিডে (৬৩ ৰান, ২১ বল) মাত্ৰ ৬.৫ অভাৰত ১৪১ ৰানৰ অংশীদাৰিত্বৰে খেলখন প্ৰায় ছীল কৰে। গুপটিলে ১১টা ছয় আৰু দুটা চাৰিৰ বিপৰীতে স্মিডে আঠটা ছয় আৰু এটা চাৰিটা ৰান কৰে।
ইয়াৰ পূৰ্বে লিউছ ডি প্ল’ই (৪৩) আৰু চিকন্দাৰ ৰাজাই (২৯) মাষ্টাৰছৰ বাবে দ্ৰুত আৰম্ভণিৰ সুবিধা প্ৰদান কৰিছিল। শুভম ৰঞ্জনে (২৫) আৰু ৰিয়ান পাথানে (১৯) বলৰ দ্ৰুত কাম কৰি স্ক’ৰ ১৪৮ লৈ বৃদ্ধি কৰে।ব্ৰেম্পটনৰ হৈ পিয়ুষ চাওলাই ২ অভাৰত ৩/২৩ ৰান সংগ্ৰহ কৰে।
মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছে ভেংকুৱাৰ কিংছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে
প্ৰথমখন ছেমি ফাইনেলত মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছে ভেংকুৱাৰ কিংছক ২৪ ৰানত পৰাস্ত কৰে। নিক হবছনে ২৩টা বলত ৫০ ৰান সংগ্ৰহ কৰি দলটোক ১০০/৬ ৰানলৈ লৈ যায়। কিংছৰ হৈ বাল্টেজ সিঙে ৩/২১ৰ সংখ্যা লাভ কৰি উজ্জ্বল বলিং কৰে।
ইয়াৰ উত্তৰত ভেংকুৱাৰে ছাকিব আল হাছান (২/৫) আৰু ৰিয়ান হিগিন্স (২/১৬)ৰ সঠিক বলিং সহ্য কৰিব নোৱাৰিলে, ১০ অভাৰত মাত্ৰ ৭৬/৭ ৰানহে কৰিবলৈ সক্ষম হয়। মেক্স চু (২৫), অবুছ পিয়েনাৰ (২০), আৰু জস্কৰদ্বীপ সিং (১৬)ৰ প্ৰচেষ্টা অসাৰ হৈ পৰিল।
ছিজন বঁটা:
সৰ্বাধিক মূল্যৱান খেলুৱৈ : ডেভিদ ভিজি (১৪৯ ৰান, ৯ উইকেট) – ব্ৰেম্পটন ব্লিটজ
শীৰ্ষ স্ক’ৰাৰ : লিউছ ডি প্লয় (২৩৮ ৰান, ৬ ইনিংছ) – মিচিছাগা মাষ্টাৰছ
শীৰ্ষ উইকেট লোৱা : ডিলান হেইলিগাৰ (১৩ উইকেট, ৭ মেচ) – ব্ৰেম্পটন ব্লিটজ
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া