নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে চাৰিখন ৰাজ্যৰ ৫খন আসনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ইয়াৰ ভিতৰত মুছলমান মুখ এখনো অন্তৰ্ভুক্ত আছে।
চাৰিখন ৰাজ্যৰ পাঁচখন আসনত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ। বুধবাৰে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি ঝাৰখণ্ডৰ ঘাটছিলা (এছ টি) সংৰক্ষিত আসনৰ পৰা বাবুলাল ছ’ৰেনক, জম্মু-কাশ্মীৰৰ বুডগাম আসনৰ পৰা আগা চৈয়দ মহছিন আৰু নগ্ৰ’টাৰ পৰা দেৱানী ৰাণাক মনোনীত কৰিছে। ওড়িশাৰ নুৱাপাদা আসনৰ পৰা জয় ধোলাকিয়া আৰু তেলেংগানাৰ জুবিলী হিলছৰ আসনৰ পৰা লংকলা দীপক ৰেড্ডীক মনোনীত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া