ঢাকা, ১৫ অক্টোবৰ (হি.স.)। বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰ অঞ্চলত মঙলবাৰে বস্ত্ৰ কাৰখানা আৰু ৰাসায়নিক গুদামত সংঘটিত অগ্নিকাণ্ডত ১৬ জন লোকৰ মৃত্যু হৈছে। এই মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক তাজুল ইছলাম চৌধুৰীয়ে আজি এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে অট্টালিকাৰ তৃতীয় মহলাৰ পৰা আৰম্ভ হোৱা এই জুই দ্ৰুতগতিত বস্ত্ৰ কাৰখানাৰ কাষৰ ৰাসায়নিক গুদামলৈ বিয়পি পৰে। গুদামটোত ব্লিচিং পাউদাৰ, প্লাষ্টিক, হাইড্ৰজেন পেৰাক্সাইড আদি বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছিল।
তেওঁ কয়, দ্বিতীয় আৰু তৃতীয় মহলাৰ পৰা ষোল্লটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে, আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
বিষয়াসকলে জনোৱা মতে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষী আৰু সেনাই কাৰখানাৰ মালিকক আটক কৰিবলৈ কাম কৰি আছে।
ইফালে, অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰি ঘটনাৰ স্বতন্ত্ৰ তদন্ত আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia