গুৱাহাটী, ১৫ অক্টোবৰ (হি.স.)। সতৰ্কতা সজাগতা সপ্তাহ ২০২৫ ৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে'লৰ সতৰ্কতা শাখাই মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মুখ্য কাৰ্যালয়ত এক পাৰস্পৰিক মত-বিনিময় কৰ্মশালা আৰু প্ৰেজেণ্টেচন বৈঠকৰ আয়োজন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৰ মুখ্য কাৰ্যবাহী বিষয়াই কপিঞ্জল কিশোৰ শৰ্মা আজি উল্লেখ কৰে যে সোমবাৰে অনুষ্ঠিত উক্ত বৈঠকখন উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জ্যেষ্ঠ উপ-মহাপ্ৰবন্ধক আৰু মুখ্য সতৰ্কতা বিষয়া এছ পি বেকৰ উপস্থিতিত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সঞ্চালিকা প্ৰিয়ংকা সিং, আইআৰএছে সম্বোধন কৰে।
কৰ্মশালা খনত সকলো ভিজিলেন্স বিভাগৰ মুৰব্বী সকলৰ সৈতে তেওঁলোকৰ বিষয়াবৰ্গ আৰু টিমৰ সদস্য সকলৰ সক্ৰিয় অংশগ্ৰহণ দেখা গৈছিল। দিনজোৰা কাৰ্যসূচীটোৱে ভিজিলেন্স পেছাদাৰী সকলৰ মাজত গঠনমূলক মত-বিনিময়, জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।
তেওঁৰ ভাষণত, প্ৰিয়ংকা সিঙে চিভিচি আন্তঃগাঁথনিৰ অধীনত ভিজিলেন্স তদন্তৰ ফলপ্ৰসূ পদ্ধতিৰ ওপৰত এক বিস্তৃত বাখ্যা আগবঢ়ায়। ৱৰ্কশ্বপখনত তেওঁৰ ভাষনৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ অনুশীলন, পদ্ধতিগত অনুপালন আৰু নৈতিক শাসন নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়, আৰু সতৰ্কতা প্ৰক্ৰিয়াত বিশ্লেষণাত্মক চিন্তা আৰু স্বচ্ছতা প্ৰচাৰ কৰাৰ দিশত পাৰস্পৰিক বিষয়সমূহৰ অধ্যয়ন অন্তৰ্ভুক্ত আছিল।
এছ পি বেকে সক্ৰিয় সতৰ্কতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰে'ল পৰিচালনাত একতা আৰু দক্ষতা বজাই ৰখাৰ অৰ্থে সকলো বিভাগত প্ৰতিৰোধমূলক ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। তেওঁ বিভিন্ন বিভাগ আৰু ইউনিটৰ ভিজিলেন্স বিষয়াবৰ্গক নিৰপেক্ষতা আৰু স্বচ্ছতা প্ৰচাৰৰ বাবে তেওঁলোকৰ অবিৰত সমৰ্পিত মনোভাৱৰ বাবে প্ৰশংসা কৰে।
এই উপলক্ষে, প্ৰিয়ংকা সিং আৰু এছ পি বেকে উত্তৰ-পূৱ ৰে'লৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতেও নিৰ্মাণাধীন পদক্ষেপ সমূহৰ ওপৰত সমীক্ষা কৰে আৰু ভিজিলেন্স প্ৰশাসনৰ কাৰ্যসক্ষমতা আৰু অধিক বৃদ্ধি কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে সমগ্ৰ সংস্থাটোত সততাৰ সংস্কৃতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শলাগৰ শৰাই প্ৰদানেৰে ৱৰ্কশ্বপখন সমাপ্ত হয় আৰু অংশগ্ৰহণকাৰী সকলে অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনা আৰু ব্যৱহাৰিক নিৰ্দেশনাৰ বাবে প্ৰশংসা কৰে, যি ৰে'ল প্ৰশাসনত নৈতিক আচৰণ আৰু দায়বদ্ধতাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ বাবে ভিজিলেন্স শাখাৰ প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ