কাবুল, ১৫ অক্টোবৰ (হি.স.)। আফগানিস্তানত পাকিস্তানৰ সামৰিক আক্ৰমণত ১২ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হৈছে।
বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তালিবান শাসনৰ মুখপাত্ৰই কয় যে পাকিস্তানৰ সামৰিক আক্ৰমণত ১২ জনতকৈ অধিক সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছে। অৱশ্যে এই দাবী এতিয়াও স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই। তালিবানে আক্ৰমণৰ স্থান, কাৰণ বা অন্যান্য সবিশেষ শ্বেয়াৰ কৰা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া