নেতান্য়াহুৱে কয় – যদি হামাছে নিৰস্ত্ৰ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ধ্বংসলীলা হ’ব
টেল আভিভ, ১৫ অক্টোবৰ (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱেৱে আজি কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে যদি হামাছে নিৰস্ত্ৰ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ধ্বংসলীলা হ’ব। তেওঁৰ এই মন্তব্য এনে সময়তে যেতিয়া গাজাত ইজৰাইল আৰু হামাছৰ মাজত প্ৰথম পৰ্যা
इजराइल के प्रधानमंत्री बेंजामिन नेतन्याहू। फोटो - इंटरनेट मीडिया


টেল আভিভ, ১৫ অক্টোবৰ (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱেৱে আজি কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে যদি হামাছে নিৰস্ত্ৰ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ধ্বংসলীলা হ’ব। তেওঁৰ এই মন্তব্য এনে সময়তে যেতিয়া গাজাত ইজৰাইল আৰু হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি কাৰ্যকৰী হৈছে। ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিয়াৰ পিছত পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হৈছে। ইফালে হামাছে চাৰিজন পণবন্দী লোকৰ মৃতদেহ ইজৰাইলক গতাই দিছে।

দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী নেতান্য়াহুৱে চিবিএছ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে যদি হামাছে নিৰস্ত্ৰকৰণৰ বাবে সন্মতি নিদিয়ে তেন্তে ধ্বংসলীলা অনিবাৰ্য। যেতিয়া ইজৰাইল বাহিনী এতিয়াও গাজাৰ কিছু অংশত নিয়োজিত হৈ আছে আৰু হামাছে ষ্ট্ৰিপৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ স্থাপন কৰি আছে তেতিয়া যুদ্ধ কেনেকৈ শেষ হৈছে বুলি সোধাত নেতান্য়াহুৱে কয় যে আমি শান্তিক সুযোগ দিবলৈ সন্মত হৈছো।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যুদ্ধবিৰতি চুক্তিত উল্লেখ আছে যে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনসমূহে নিৰস্ত্ৰ হ’ব লাগিব আৰু গাজাক নিৰস্ত্ৰকৰণ কৰিব লাগিব। গাজা ষ্ট্ৰিপৰ ভিতৰত অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা চলিব নালাগে, আৰু ইয়াৰ সীমান্তৰ সিপাৰে চোৰাং ব্যৱসায় হ’ব নালাগে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও এই কথা উল্লেখ কৰিছে যে যদিহে হামাছে চুক্তিখনৰ নিজৰ অংশ পূৰণ নকৰে তেন্তে ইয়াক হিংসাত্মকভাৱে নিৰস্ত্ৰ কৰা হ’ব।

প্ৰধানমন্ত্ৰী নেতান্য়াহুৱে কয় যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা চুক্তিৰ পৰৱৰ্তী পৰ্যায় শান্তিপূৰ্ণ হ’ব বুলি তেওঁ আশা কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ চৰ্ত অতি স্পষ্ট: হামাছে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি নিসামৰিককৰণ কৰিব লাগিব, নহ’লে সকলো ছিন্নভিন্ন হৈ পৰিব। নেতান্য়াহুৱে কয় যে তেওঁলোকে শান্তিক সুযোগ দিবলৈ সন্মত হৈছে। গাজাৰ বাবে ২০ দফীয়া শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ কথা ঘোষণা কৰিবলৈ টেল আভিভ ভ্ৰমণৰ এদিন পিছতে ট্ৰাম্পে একেই বক্তব্য প্ৰকাশ কৰে।

ইফালে ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে চিনাক্তকৰণৰ বাবে টেল আভিভৰ আবু কাবিৰ ফৰেনছিক ইনষ্টিটিউটত চাৰিজন মৃত পণবন্দী লোকৰ অৱশিষ্ট থকা কফিন উপস্থিত হৈছে। চিনাক্তকৰণ প্ৰক্ৰিয়াত দুদিন পৰ্যন্ত সময় লাগিব পাৰে। গতাই দিয়া পণবন্দীসকলৰ পৰিচয় বৰ্তমানলৈকে প্ৰকাশ কৰা নাই হামাছে।

দ্য টাইমছ অৱ ইজৰাইলৰ মতে, হামাছে মধ্যস্থতাকাৰীক জনাইছে যে বুধবাৰে আৰু চাৰিটা পণবন্দী লোকৰ মৃতদেহ ইজৰাইলক গতাই দিব। ইয়াৰ ফলত হামাছে ঘূৰাই অনা পণবন্দীসকলৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। হামাছে দাবী কৰিছে যে সকলো মৃতদেহত প্ৰৱেশ কৰিবলৈ সময়ৰ প্ৰয়োজন কাৰণ কিছুমান আইডিএফৰ বোমা বিস্ফোৰণত ধ্বংস হোৱা অট্টালিকা আৰু সুৰংগৰ ধ্বংসাৱশেষৰ তলত পুতি থোৱা হৈছে। কিছুমান মৃতদেহ আইডিএফ নিয়ন্ত্ৰিত এলেকাত আছে। হামাছে এই সংখ্যা ১৬ বুলি ঘোষণা কৰিছে।

ইজৰাইলে হামাছৰ এই দাবীক ডিলি-ডেলিং কৌশল বুলি উলাই কৰি সন্ত্ৰাসবাদী সংগঠনটোৱে বাকী থকা মৃতদেহসমূহ তৎক্ষণাত ঘূৰাই নিদিলে সাহায্য সীমিত কৰাৰ ভাবুকি দিছে। ইজিপ্তৰ সৈতে ৰাফা সীমান্ত ক্ৰছিং বন্ধ কৰা হ’ব, আৰু যুদ্ধ পুনৰ আৰম্ভ হ’ব।

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পেও মঙলবাৰে কয় যে হামাছে এই মৃতদেহ সন্দৰ্ভত মধ্যস্থতাকাৰীক প্ৰতাৰণা কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande