নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠক এইবাৰ মধ্যপ্ৰদেশৰ জবালপুৰত আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হৈছে। দীপাৱলীৰ পিছত, ৩০-৩১ অক্টোবৰ, আৰু ১ নৱেম্বৰত (যুগব্দ ৫১২৭, বিক্ৰম সংভাত ২০৮২, কাৰ্তিক শুক্লা অষ্টমী, নৱমী, আৰু দশমী) অনুষ্ঠিত হ’ব।
আৰ এছ এছৰ সৰ্বভাৰতীয় প্ৰচাৰ মুৰব্বী সুনীল আম্বেকাৰে উল্লেখ কৰে যে এই বৈঠকত সৰসংঘচালক ড° মোহন ভাগৱত, সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে, আটাইকেইজন সহযোগী সৰ কাৰ্য্যবাহ, সৰ্বভাৰতীয় কৰ্ম বিভাগৰ মুৰব্বী, আৰু কাৰ্যবাহী সদস্যসকল উপস্থিত থাকিব। আৰ এছ এছৰ ৪৬খন প্ৰদেশৰ প্ৰাদেশিক সংঘচালক, কাৰ্য্যৱাহ, প্ৰচাৰকসকলো উপস্থিত থাকিব। শেহতীয়াকৈ বিজয়দশমীৰ দিনা নাগপুৰকে ধৰি সমগ্ৰ দেশতে আৰ এছ এছৰ শতবাৰ্ষিকী উদ্বোধন কৰা হয়। সেই উপলক্ষে নাগপুৰত সৰসংঘচালকৰ ভাষণত উত্থাপিত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব এই বৈঠকত।
এই বৈঠকত শতবৰ্ষৰ অনুষ্ঠানৰ প্ৰস্তুতি পুনৰীক্ষণ কৰা হ’ব। প্ৰতিখন প্ৰদেশে নিজৰ পৰিকল্পনা আৰু আজিলৈকে কৰা কামৰ বিষয়ে তথ্য দাঙি ধৰিব। সাম্প্ৰতিক সামাজিক আৰু জাতীয় বিষয়সমূহৰ ওপৰতো আলোচনা অনুষ্ঠিত হ’ব। সংঘই ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনা পুনৰীক্ষণ কৰি সংস্থাটোৰ সম্প্ৰসাৰণৰ দিশ নিৰ্ধাৰণ কৰিব। এই বৈঠকৰ মূল উদ্দেশ্য হ’ব বিজয়দশমী ২০২৬ৰ দ্বাৰা শতবৰ্ষৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ এক কৌশল প্ৰণয়ন কৰা।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী