ভেনিজুৱেলাত সোণৰ খনি খহি কমেও ১৪ জন লোকৰ মৃত্যু
কাৰাকাছ, ১৪ অক্টোবৰ (হি.স.)। ভেনিজুৱেলাৰ বলিভাৰ ৰাজ্যত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সোণৰ খনি খহি কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে বিষয়াসকলে জনোৱা মতে, এল কালাও পৌৰসভাৰ এটা সোণৰ খনিত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইফালে ৰাষ্ট্
वेनेजुएला में सोने की खदान


কাৰাকাছ, ১৪ অক্টোবৰ (হি.স.)। ভেনিজুৱেলাৰ বলিভাৰ ৰাজ্যত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সোণৰ খনি খহি কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে বিষয়াসকলে জনোৱা মতে, এল কালাও পৌৰসভাৰ এটা সোণৰ খনিত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ইফালে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহে জনোৱা মতে, দুৰ্ঘটনাটোত ১৪জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। নিৰুদ্দেশ হোৱা লোকৰ সন্ধানৰ প্ৰচেষ্টা অব্যাহত আছে। খনিটোৰ বিভিন্ন স্থানৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে বাকী থকা নিহতসকলৰ মৃতদেহ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

বিষয়াসকলে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে, উদ্ধাৰ অভিযান প্ৰাৰম্ভিক পৰ্যায়ত আছে। অঞ্চলটোৰ সকলো খাদৰ পৰা পানী পাম্প কৰি পানীৰ মাত্ৰা হ্ৰাস কৰা হৈছে। ইয়াৰ পিছত উদ্ধাৰ প্ৰচেষ্টাৰ নতুন মূল্যায়ন কৰা হ'ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande