হামাছে ইজৰাইলক গতাই দিলে নেপালী ছাত্ৰ বিপিন যোশীৰ মৃতদেহ, মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘৰলৈ অনাৰ প্ৰস্তুতি
কাঠমাণ্ডু, ১৪ অক্টোবৰ (হি.স.)। হামাছে সোমবাৰে গাজাত পণবন্দী হৈ থকা নেপালী ছাত্ৰ বিপিন যোশীৰ মৃতদেহ ৰেড ক্ৰছৰ জৰিয়তে ইজৰাইলক গতাই দিয়ে। আন তিনিজন পণবন্দীৰ সৈতে গতাই দিয়া বিপিনৰ মৃতদেহ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিপিন যোশীৰ মৃতদেহ নেপাললৈ অনাৰ
हमास के तरफ से मृतकों को संपति हुए


কাঠমাণ্ডু, ১৪ অক্টোবৰ (হি.স.)। হামাছে সোমবাৰে গাজাত পণবন্দী হৈ থকা নেপালী ছাত্ৰ বিপিন যোশীৰ মৃতদেহ ৰেড ক্ৰছৰ জৰিয়তে ইজৰাইলক গতাই দিয়ে। আন তিনিজন পণবন্দীৰ সৈতে গতাই দিয়া বিপিনৰ মৃতদেহ। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিপিন যোশীৰ মৃতদেহ নেপাললৈ অনাৰ কথা।

সোমবাৰে নিশা ৰেড ক্ৰছৰ দলে চাৰিটা মৃতদেহ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীক গতাই দিয়ে। ইজৰাইলত থকা নেপালৰ ৰাষ্ট্ৰদূত ধন বাহাদুৰ পণ্ডিতে উল্লেখ কৰে যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিপিনৰ মৃতদেহ দূতাবাসক গতাই দিয়া হ’ব আৰু তাৰ পিছত নেপাললৈ প্ৰেৰণ কৰা হ’ব। ৰাষ্ট্ৰদূত পণ্ডিতে উল্লেখ কৰে যে বিপিন যোশীৰ পৰিয়ালক অৱগত কৰা হৈছে আৰু তেওঁৰ মৃতদেহ কাঠমাণ্ডু হৈ ধনগাঢ়ীস্থিত তেওঁৰ পৈতৃক ঘৰলৈ লৈ যোৱা হ’ব।

বিপিন যোশীৰ মৃত্যুৰ খবৰে নেপালত শোকৰ লহৰ সৃষ্টি কৰিছে। বিপিন যোশীৰ ভাতৃয়ে কয় যে এয়া পৰিয়ালটোৰ বাবে হৃদয় বিদাৰক। পুৱাৰে পৰা শ শ লোকে যোশীৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰিছে। যোশীৰ মাতৃ আৰু ভগ্নী বৰ্তমান আমেৰিকাত আৰু নেপাললৈ আহি আছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে আন এক ডজন ছাত্ৰৰ সৈতে ইজৰাইলত উপস্থিত হোৱা বিপিন যোশীক ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে পণবন্দী কৰি লৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande