অলংকাৰ বজাৰ উৰ্ধমুখী, সোণ আৰু ৰূপ নতুন উচ্চতাত উপনীত
নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ অভিলেখ ভংগকাৰী বৃদ্ধি আজিও অব্যাহত আছে। এই দুয়োটা চিকচিকিয়া ধাতুই পুনৰবাৰ সৱলতাৰে নতুন শিখৰত উপনীত হৈছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৩২০ৰ পৰা ৩৪০ টকাৰ ভিতৰত বৃদ্ধি পাইছে। একেদৰ
सोना और चांदी ने फिर बनाया मजबूती का नया रिकॉर्ड


নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ অভিলেখ ভংগকাৰী বৃদ্ধি আজিও অব্যাহত আছে। এই দুয়োটা চিকচিকিয়া ধাতুই পুনৰবাৰ সৱলতাৰে নতুন শিখৰত উপনীত হৈছে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৩২০ৰ পৰা ৩৪০ টকাৰ ভিতৰত বৃদ্ধি পাইছে। একেদৰে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬ হাজাৰ টকাকৈ নতুন উচ্চতালৈ জঁপিয়াই পৰিছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৫,৪১০ টকাৰ পৰা ১,২৫,৫৬০ টকাৰ ভিতৰত ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৪,৯৬০ টকাৰ পৰা ১,১৫,১১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ দাম বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৮৫,১০০ টকাত বিক্ৰী হৈছে।

দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৫৬০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৫,১১০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৫,৪১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৪,৯৬০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৪৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ১,১৫,০১০ টকা। এই ডাঙৰ চহৰসমূহৰ উপৰিও চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত১,২৫,৪১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণ ১,১৪,৯৬০ টকাত বিক্ৰী হৈছে। কলকাতাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,৪১০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ১,১৪,৯৬০ টকা।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৫৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৫,১১০ টকা। পাটনাত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৪৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ ১,১৫,০১০ টকা দলত প্ৰতি ১০ গ্ৰাম বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৫,৫৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৫,১১০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ১,২৫,৪১০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৪,৯৬০ টকা বিক্ৰী কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande