এমচিএমচিৰ অনুমোদন অবিহনে ছ’চিয়েল মিডিয়া বা ইণ্টাৰনেটত প্ৰকাশ কৰা নহ’ব কোনো ৰাজনৈতিক বিজ্ঞাপন
–নিৰ্বাচন আয়োগে জাৰি কৰিলে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰচাৰৰ বাবে নিৰ্দেশনা নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন আৰু আন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰচাৰৰ বাবে গাইডলাইন জাৰি কৰিছ
चुनाव आयोग (फाइल फोटो)


–নিৰ্বাচন আয়োগে জাৰি কৰিলে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰচাৰৰ বাবে নিৰ্দেশনা

নতুন দিল্লী, ১৪ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন আৰু আন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰচাৰৰ বাবে গাইডলাইন জাৰি কৰিছে। এতিয়া সকলো ৰাজনৈতিক বিজ্ঞাপনৰ বাবে মিডিয়া চাৰ্টিফিকেশন এণ্ড মনিটৰিং কমিটি (এমচিএমচি)ৰ পৰা প্ৰি-চাৰ্টিফিকেশ্যনৰ প্ৰয়োজন, প্ৰাৰ্থীসকলে মনোনয়নৰ সময়ত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ সবিশেষ দিব লাগিব, আৰু ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ ৭৫ দিনৰ ভিতৰত ডিজিটেল প্ৰচাৰ ব্যয়ৰ সবিশেষ আয়োগক দাখিল কৰিব লাগিব।

এমচিএমচিৰ অনুমোদন অবিহনে ছ’চিয়েল মিডিয়া বা ইণ্টাৰনেটত কোনো ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰা নহ’ব বুলি আয়োগে নিৰ্দেশ দিছে। ইয়াৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ত মিডিয়া চাৰ্টিফিকেশন এণ্ড মনিটৰিং কমিটী (এমচিএমচি) গঠন কৰা হৈছে, যিয়ে ছ’চিয়েল মিডিয়াকে ধৰি সকলো বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰিত বিজ্ঞাপনসমূহ ভালদৰে পৰীক্ষা কৰি পেইড নিউজৰ সন্দেহযুক্ত গোচৰৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

মনোনয়নৰ সময়ত প্ৰাৰ্থীসকলক তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে তথ্য বিচৰা হ’ব, যাৰ ফলত আয়োগে তেওঁলোকৰ ডিজিটেল প্ৰচাৰ নিৰীক্ষণ কৰিব পাৰিব।

১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৭৭(১)ৰ অধীনত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনী প্ৰচাৰৰ ব্যয়ৰ প্ৰতিবেদন দিয়াটো বাধ্যতামূলক। এই ব্যয়ৰ ভিতৰত ইণ্টাৰনেট কোম্পানী আৰু ৱেবছাইটলৈ কৰা ধন, প্ৰচাৰ সামগ্ৰী সৃষ্টি, ছ’চিয়েল মিডিয়া একাউণ্ট পৰিচালনা, আৰু অন্যান্য ডিজিটেল প্ৰচাৰ সম্পৰ্কীয় খৰচ আদি অন্তৰ্ভুক্ত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande