আফগানিস্তানে আমাৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়: পাকিস্তান
ইছলামাবাদ, ১৪ অক্টোবৰ (হি.স.)। পাকিস্তানে আফগানিস্তানৰ তালিবান শাসনক নিজৰ অধিকাৰক্ষেত্ৰৰ বাহিৰৰ বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰু স্পষ্ট কৰি দিছে যে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত বাহ্যিক পৰামৰ্শৰ প্ৰয়োজন নাই। পাকিস্তানৰ বৈদেশিক
पाक- अफगानिस्तान ्


ইছলামাবাদ, ১৪ অক্টোবৰ (হি.স.)। পাকিস্তানে আফগানিস্তানৰ তালিবান শাসনক নিজৰ অধিকাৰক্ষেত্ৰৰ বাহিৰৰ বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে আৰু স্পষ্ট কৰি দিছে যে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত বাহ্যিক পৰামৰ্শৰ প্ৰয়োজন নাই। পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ শ্বফকাত আলী খানে এক বিবৃতিত এই মন্তব্য কৰে।

বিবৃতিটোত কোৱা হৈছে যে, পাকিস্তানৰ আভ্যন্তৰীণ বিষয়ক সন্দৰ্ভত তালিবান শাসনৰ এগৰাকী মুখপাত্ৰই শেহতীয়াকৈ দিয়া বক্তব্যসমূহ আমি লক্ষ্য কৰিছো। বিবৃতিটোত উল্লেখ কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক নীতি অনুসৰি আন দেশৰ কাম-কাজত হস্তক্ষেপ নকৰাৰ নীতি মানি চলিব লাগে। পাকিস্তানক নিজৰ আভ্যন্তৰীণ বিষয়ত বহিঃ পৰামৰ্শৰ প্ৰয়োজন নাই।

পাকিস্তানৰ মুখপাত্ৰগৰাকীয়ে কয় যে, ‘আমি আশা কৰোঁ যে তালিবান শাসনে দোহা প্ৰক্ৰিয়াৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক দিয়া বাধ্যবাধকতা আৰু প্ৰতিশ্ৰুতি মানি চলিব। তেওঁ লগতে কয় যে তালিবান শাসনে আফগানৰ মাটি আন দেশৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়। তদুপৰি ভিত্তিহীন অপপ্ৰচাৰত লিপ্ত হোৱাৰ পৰিৱৰ্তে সহযোগপূৰ্ণ আৰু প্ৰকৃততে প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনত গুৰুত্ব দিব লাগে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande