
কাঠমাণ্ডু, ০৪ ছেপ্টেম্বৰ (হি.স.)। চীনে নেপালক হিমবাহৰ বিপদ আৰু বতৰৰ তথ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
কাঠমাণ্ডুত থকা চীনৰ দূতাবাসে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা ঘোষণা কৰে। চীনৰ জলসম্পদ মন্ত্ৰালয়ৰ উদ্ধৃতি দি দূতাবাসে কয় যে নেপালক হিমবাহৰ বিপদ আৰু বতৰৰ তথ্য প্ৰদান কৰা হ’ব। দূতাবাসে কয় যে, “চীনে নেপালৰ উদ্ধাৰ আৰু দুৰ্যোগ সাহায্য অভিযানত সহায় কৰিবলৈ হিমবাহৰ আশংকা আৰু বিঘিনিৰ তথ্যৰ লগতে জৰুৰীকালীন জলবিজ্ঞান নিৰীক্ষণৰ তথ্যও অহৰহ প্ৰদান কৰিব।”
চীনে লগতে কয় যে ভোটেকোছি বানপানীৰ পিছৰে পৰা নেপালক বতৰ নিৰীক্ষণ, পূৰ্বাভাস, আগতীয়া সতৰ্কবাণী, বানপানীৰ প্ৰভাৱৰ তথ্য প্ৰদান কৰি আহিছে। দূতাবাসৰ মতে, চীনৰ বতৰ বিজ্ঞান প্ৰশাসনে এক সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে। ভোটেকোশী বানপানীৰ লগে লগে নেপালৰ জল আৰু বতৰ বিজ্ঞান বিভাগৰ সৈতে ভিডিঅ’ পৰামৰ্শ সভাও অনুষ্ঠিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া