আপাৰ চিয়াং বহুমুখী নদী বান্ধক লৈ উত্তপ্ত হৈ পৰিছে অৰুণাচলৰ আপাৰ চিয়াং জিলা
ইটানগৰ, ৩০ ছেপ্টেম্বৰ (হি.স.)। আপাৰ চিয়াং বহুমুখী নদী বান্ধক লৈ উত্তপ্ত হৈ পৰিছে লৈ অৰুণাচলৰ আপাৰ চিয়াং জিলা৷ সুখকৰ নহল মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুদিনীয়া ছিয়াং আৰু আপাৰ ছিয়াং জিলাৰ ভ্ৰমণ৷ মঙলবাৰে ছিয়াং জিলাৰ সদৰ বলেংত বান্ধ বিৰোধীৰ তীব্ৰ প্ৰতিবা
আপাৰ চিয়াং বহুমুখী নদী বান্ধক লৈ উত্তপ্ত হৈ পৰিছে অৰুণাচলৰ আপাৰ চিয়াং জিলা


ইটানগৰ, ৩০ ছেপ্টেম্বৰ (হি.স.)। আপাৰ চিয়াং বহুমুখী নদী বান্ধক লৈ উত্তপ্ত হৈ পৰিছে লৈ অৰুণাচলৰ আপাৰ চিয়াং জিলা৷

সুখকৰ নহল মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুদিনীয়া ছিয়াং আৰু আপাৰ ছিয়াং জিলাৰ ভ্ৰমণ৷ মঙলবাৰে ছিয়াং জিলাৰ সদৰ বলেংত বান্ধ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিচত আজি আপাৰ ছিয়াং জিলাৰ সদৰ ইংকিয়ং ভ্ৰমণৰ কালচোৱাতো সন্মুখীন হয় এক আহুকলীয়া পৰিস্থিতিৰ৷ জিলাখনৰ চৰকাৰী কৰ্মচাৰী সকলক লৈ বুধবাৰে ইংকিয়ংত আয়োজন কৰা হৈছিল এখন সভাৰ৷ যি সভাত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চৰকাৰী কৰ্মচাৰী সকলক আপাৰ চিয়াং বহুমুখী নদীবান্ধৰ সমৰ্থন কৰাৰ লগতে নিজ নিজ গাওঁবাসীক বান্ধটোৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজনি দিবলৈ নিৰ্দেশ দিয়াৰ কথা আছিল৷ পিছে পেমা খাণ্ডুৰ এই সভাখন তথা নদীবান্ধৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল হেজাৰ হেজাৰ স্হানীয় জনতা৷

প্ৰতিবাদকাৰীসকলে সভাস্থলীৰ দিশলৈ সমদল কৰি গৈ অৱৰোধ কৰে সভা থলীলৈ যোৱা পথ৷

আনকি আৰক্ষী অৰ্দ্ধ সামৰিক বাহিনীয়ে পথৰ ওপৰত দিয়া বেৰিকেড ভাঙি আৰক্ষীৰ সৈতে হতাহতিতো লিপ্ত হয় ক্ষুব্ধ প্ৰতিবাদকাৰী৷ দাহ কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিমূৰ্তি৷ সমান্তৰালভাৱে ইংকিয়ং লৈ যোৱা পথসমূহৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ বগৰাই সভাথলীলৈ বাহিৰৰ লোক অহাতো বন্ধ কৰি দিয়ে প্ৰতিবাদী ৰাইজে৷ প্ৰতিবাদী ৰাইজে ওভটাই পঠিয়াই সভালৈ অহা অৰুনাচলৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনৰ লগতে বহু বিষয়া কৰ্মচাৰীক৷ প্ৰতিবাদী ৰাইজৰ দাবী, বান্ধৰ ফলত ক্ষতিগ্ৰস্ত হব লগা ৰাইজৰ সৈতে আলোচনাত নবহি মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী কৰ্মচাৰী তথা নদীবান্ধৰ বিষয়ে অজ্ঞ স্কুলীয়া ছাত্ৰছাত্ৰীৰে নদীবান্ধক লৈ কৰা আলোচনা অৰ্থহীন৷ সমান্তৰালৱে প্ৰস্তাৱিত ১১,০০০ মেগাৱাটৰ বান্ধটোৱে স্থানীয় ভুমিপুত্ৰ আদি জনগোষ্ঠীৰ লোক সকলৰ ইতিহাস.সভ্যতা সংস্কৃতি নিঃশেষ কৰাৰ লগতে জন্মস্হানৰ পৰা জাতিটোক উচ্ছেদ কৰিব আৰু পৰিৱেশৰ ওপৰতো বেয়া প্ৰভাৱক পেলোৱাৰ আশংকা কৰিছে ছিয়াং আৰু আপাৰ ছিয়াং জিলাত বসবাস কৰা আদি জনগোষ্ঠীৰ লোকসকলে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande