এছিয়ান গেমছ ২০২৬: মল্লযুঁজাৰু সুনিলৰ ব্ৰঞ্জৰ পদক লাভ, গ্ৰীক-ৰোমান মল্লযুঁজত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয়
নাগোয়া, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মল্লযুঁজাৰু সুনীল কুমাৰে এছিয়ান গেমছ ২০২৬ত পুৰুষৰ গ্ৰীক-ৰোমান ৮৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বুধবাৰে ব্ৰঞ্জৰ পদক মেচত কাৰিকৰী শ্ৰেষ্ঠত্বৰ ভিত্তিত ফিলিপাইনছৰ কেলাম জনষ্টন ৰবাৰ্টছক ৯-০ ব্যৱধানত পৰাস্ত কৰে
भारतीय पहलवान सुनील कुमार


নাগোয়া, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মল্লযুঁজাৰু সুনীল কুমাৰে এছিয়ান গেমছ ২০২৬ত পুৰুষৰ গ্ৰীক-ৰোমান ৮৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বুধবাৰে ব্ৰঞ্জৰ পদক মেচত কাৰিকৰী শ্ৰেষ্ঠত্বৰ ভিত্তিত ফিলিপাইনছৰ কেলাম জনষ্টন ৰবাৰ্টছক ৯-০ ব্যৱধানত পৰাস্ত কৰে সুনিলে।

নাগোয়া চিটি ইনাই স্প’ৰ্টছ চেণ্টাৰত অনুষ্ঠিত খেলখনত আৰম্ভণিৰে পৰাই সুনীলে নিজৰ আধিপত্য বজাই ৰাখিছিল। খেলখনৰ প্ৰায় তিনি মিনিট বাকী থকা অৱস্থাত তেওঁ ৯-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি কাৰিকৰী শ্ৰেষ্ঠত্বৰে জয়লাভ কৰে।

এই জয়ৰ জৰিয়তে সুনীল কুমাৰ এছিয়ান গেমছত গ্ৰীক-ৰোমান মল্লযুঁজত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ হাংঝু এছিয়ান গেমছতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

হাংঝুত তাজিকিস্তানৰ মহম্মদ চুলতানজোডাক ৯-০ ব্যৱধানত পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছিল সুনিলে। অৱশ্যে ছেমি ফাইনেলত তেওঁ জাপানৰ টাইজো যোছিডাৰ বিৰুদ্ধে ০-১১ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ পিছত ব্ৰঞ্জৰ পদক মেচখনত তেওঁ এক উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটাই ৰবাৰ্টছক একপক্ষীয়ভাৱে পৰাস্ত কৰে।

এছিয়ান গেমছত ভাৰতীয় মল্লযুঁজৰ বাবেও সুনীলৰ এই প্ৰদৰ্শন এক গুৰুত্বপূৰ্ণ কৃতিত্ব, কিয়নো তেওঁ গ্ৰীক-ৰোমান শৈলীত দেশৰ হৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ পদক নিশ্চিত কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande