
আইচি-নাগোয়া, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষৰ স্কোয়াছ দলে এছিয়ান গেমছ ২০২৬ত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি বুধবাৰে কুৱেইটক ২-০ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ বাবে আন এক পদক নিশ্চিত কৰে। ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এতিয়া ফাইনেল ফোৰত মালয়েছিয়াৰ বিৰুদ্ধে খেলিব।
কুৱেইটৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ বীৰ চোট্ৰানীয়ে বাদেৰ আলমোঘ্ৰাবীক ৩-১ গ’লত পৰাস্ত কৰে। ১২-১০, ৮-১১, ১১-০, ১১-৫ ব্যৱধানত জয়লাভ কৰে বীৰ।
ইয়াৰ পিছতে অভয় সিঙে আম্মাৰ আল তামিমিক ৩-০ ব্যৱধানত পৰাস্ত কৰি একেৰাহে খেলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। অভয়ে ১১-৩, ১১-৪, ১১-৮ ব্যৱধানত জয়লাভ কৰে।
ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা স্কোয়াছ দলেও এছিয়ান গেমছত পদক লাভ কৰিছিল। মঙলবাৰে ভাৰতীয় দলটোৱে ছিংগাপুৰক ২-০ গ’লত পৰাস্ত কৰে কোৱাৰ্টাৰ ফাইনেলত। ভাৰতৰ হৈ তনভি খান্নাই ৱাই লিন আউ ইয়ঙক ৩-১ গ’লত পৰাস্ত কৰি গ’লৰ আৰম্ভণি কৰে। ১১-৬, ৫-১১, ১৫-১৩, ১১-১ ব্যৱধানত জয়লাভ কৰে।
ইয়াৰ পাছতে আনাহাট সিঙে ৱাই য়ান আউ ইয়ঙক ৩-০ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ জয় নিশ্চিত কৰে। আনাহাটে ১১-৭, ১১-৩, ১১-৪ ব্যৱধানত জয়লাভ কৰে। মহিলা দলৰ ছেমিফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী কোন হ’ব সেয়া এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই।
২০২৬ চনৰ এছিয়ান গেমছত স্কোয়াছত ভাৰতৰ প্ৰদৰ্শন ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিছে। ফাইনেলত মালয়েছিয়াৰ শিৱসংগৰী সুব্ৰমণিয়ামৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ মহিলা একক শাখাত ৰূপৰ পদক অৰ্জন কৰে অনাহত সিঙে।
পুৰুষৰ একক শাখাতো অভয় সিঙে ৰূপৰ পদক লাভ কৰে। ফাইনেলত মালয়েছিয়াৰ এন জি ইয়ান ইয়’ৱে ৯-১১, ৫-১১, ৫-১১ ব্যৱধানত পৰাস্ত কৰে। এতিয়া ভাৰতীয় পুৰুষ আৰু মহিলা দলে দলীয় ইভেণ্টত পদকৰ ৰং সলনি কৰাৰ সুযোগ লাভ কৰিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ