
ডিব্ৰুগড়, ৩০ ছেপ্টেম্বৰ (হি.স.)। জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ৰাইজৰ ভোটাধিকাৰ সুৰক্ষাৰ দাবীত ডিব্ৰুগড়ত বাওঁপন্থী দলসমূহৰ অৱস্থান বিক্ষোভ।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ৰাইজৰ ভোটাধিকাৰ তথা নিৰ্বাচনী অধিকাৰ সুৰক্ষাৰ দাবীত আজি ডিব্ৰুগড়ৰ চৌকিডিঙীত বাওঁপন্থী দলসমূহৰ উদ্যোগত এক অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই অৱস্থান বিক্ষোভত চিপিআই(এম), চিপিআই(এম-এল) আৰু চিপিআইৰ ডিব্ৰুগড় জিলা সমিতিৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে।
বিক্ষোভ কাৰ্যসূচীত বক্তাসকলে কয় যে, গণতান্ত্ৰিক ব্যৱস্থাৰ মূল ভিত্তি হৈছে জনসাধাৰণৰ ভোটাধিকাৰ। সেয়েহে ভোটাৰ তালিকা, ভোটদানৰ অধিকাৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা তথা নিৰপেক্ষতা কোনো কাৰণতে ক্ষুণ্ণ হ’ব নালাগে। নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা অটুট ৰখাৰ বাবে নিৰ্বাচন আয়োগে সম্পূৰ্ণ স্বচ্ছতা, নিৰপেক্ষতা আৰু সাংবিধানিক দায়বদ্ধতা নিশ্চিত কৰিব লাগিব।
বিক্ষোভকাৰীসকলে কোনো যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নপৰাকৈ নিশ্চিত কৰা, সকলো নাগৰিকৰ ভোটাধিকাৰ সুৰক্ষিত কৰা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত পূৰ্ণ স্বচ্ছতা বজাই ৰখাৰ দাবী জনায়। লগতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী উত্থাপন কৰে।
ইয়াৰ লগতে এছ আই আৰ-ৰ অধীনত দেশজুৰি ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকাৰ পৰা ১৩.৩৭ কোটিৰো অধিক নাম বাদ পৰাৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হয়। যোগ্য ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰা, সমগ্ৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰা আৰু কোনো অনিয়ম বা দায়িত্বহীনতা সংঘটিত হ’লে তাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা