
কামৰূপ, ৩০ ছেপ্টেম্বৰ (হি.স.)। কাইলৈ ১ অক্টোবৰ, ২০২৬* তাৰিখে ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে ‘নিচা মুক্ত ভাৰত সংকল্প’ কাৰ্যসূচীৰ অধীনত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব।
উক্ত অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়* উপস্থিত থাকিব। কাৰ্যসূচীৰ ভিতৰত বয়োজ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা, স্বাস্থ্য শিবিৰ, জনসভা, ‘নিচা মুক্ত ভাৰত সংকল্প’ৰ শপত গ্ৰহণ, পদযাত্ৰা, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ তথা বৃক্ষৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব।
অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী হৰদত্ত-বিৰদত্ত ভৱন, ৰঙিয়াত বিয়লি ৩.২০ বজাৰ পৰা আৰম্ভ হ’ব। ইয়াৰ পাছত হৰদত্ত-বিৰদত্ত ভৱনৰ পৰা মুৰাৰা চ’ক হৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সমীপলৈ পদযাত্ৰা অনুষ্ঠিত হ’ব।
ইয়াৰ পূৰ্বে দিনৰ ২.৪০ ৰঙিয়াৰ পালাৰা নিবাসী গোবিন্দ দেৱ গোস্বামীৰ ঘৰত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব।
উক্ত অনুষ্ঠানত ৰাইজৰ সাদৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা