ৰেলত ৰহস্যজনক মৃত্যু অসমৰ দুজন যুৱকৰ
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ (হি.স.)। ৰেলত ৰহস্যজনক মৃত্যু অসমৰ দুজন যুৱকৰ। দেৰগাঁও থানাত এজাহাৰ দাখিল পৰিয়ালৰ। ৰেলেৰে ঘৰলৈ উভতি অহাৰ পথত হায়দৰাবাদত অসমৰ দুজন যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু ঘটিছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা যুৱক দুজন হ''ল দেৰগাঁও ডুবি
ৰেলত ৰহস্যজনক মৃত্যু অসমৰ দুজন যুৱকৰ


গুৱাহাটী, ২৮ ছেপ্টেম্বৰ (হি.স.)। ৰেলত ৰহস্যজনক মৃত্যু অসমৰ দুজন যুৱকৰ। দেৰগাঁও থানাত এজাহাৰ দাখিল পৰিয়ালৰ। ৰেলেৰে ঘৰলৈ উভতি অহাৰ পথত হায়দৰাবাদত অসমৰ দুজন যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু ঘটিছে। এই দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা যুৱক দুজন হ'ল দেৰগাঁও ডুবিগাঁৱৰ পবিত্ৰ পাও আৰু নেঘেৰিটিং কছাৰীলাইনৰ প্ৰহ্লাদ ৰাজপুত। ইয়াৰে পবিত্ৰ পাও তামিলনাডুৰ পৰা আৰু প্ৰহ্লাদ ৰাজপুত চেন্নাইৰ পৰা ৰেলেৰে ঘৰলৈ আহি থকা অৱস্থাত এই আকস্মিক ঘটনা সংঘটিত হয়।

ঘটনাৰ সন্দৰ্ভত মৃতকৰ পৰিয়ালৰ লোকে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande