
আইচি-নাগোয়া, ২৮ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত পুৰুষৰ দলীয় স্কোয়াছ ইভেণ্টত ভাৰতে শক্তিশালী আৰম্ভণি কৰিছিল, প্ৰথমখন পুল মেচত চীনক ৩-০ ব্যৱধানত পৰাস্ত কৰে । সুৰজ কুমাৰ চান্দ, বীৰ ছোতৰানী, আৰু ভেলাৱন সেনথিলকুমাৰে নিজ নিজ মেচত জয়লাভ কৰি ভাৰতক একপক্ষীয় জয় প্ৰদান কৰে।
চীনৰ ডু শাওকিয়ানক ৩-০ ব্যৱধান পৰাস্ত কৰি ভাৰতক আগতীয়াকৈ অগ্ৰগতি প্ৰদান কৰে সুৰজ কুমাৰ চান্দে। ১১-৪, ১১-২, ১২-১০ গ’লত জয়লাভ কৰে সুৰজে।
ইয়াৰ পাছতে বীৰ ছোট্ৰানীয়ে লি হাইজেনক ৩-০ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ অগ্ৰগতি নিৰ্ণায়ক জয়ৰ দিশে বৃদ্ধি কৰে। তিনিওখন খেলতে বীৰে ১১-৫, ১১-৫, ১১-৩ ব্যৱধানত জয়লাভ কৰে।
তৃতীয়খন খেলত ভেলাভান চেন্থিলকুমাৰে চীনৰ খেলুৱৈগৰাকীক ৩-০ ব্যৱধানত পৰাস্ত কৰি ভাৰতক ক্লীন ছুইপ প্ৰদান কৰে। মেচখনত তেওঁ ১১-৩, ১১-২, ১১-৪ ব্যৱধানত জয়লাভ কৰে ।
ভাৰতৰ পৰৱৰ্তী খেলখন হ’ব একেটা গ্ৰুপৰ দ্বিতীয় দল দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ