
- মনু ভাকেৰ ফাইনেলৰ পৰা বাহিৰ
আইচি-নাগোয়া, ২৮ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত মহিলাৰ ২৫ মিটাৰ পিষ্টল দলীয় ইভেণ্টৰ ফাইনেলত এছা সিং, মনু ভাকেৰ, আৰু ৰাহি ছাৰ্নোবাটৰ দলে পঞ্চম স্থান দখল কৰে । ভাৰতীয় দলটোৱে ১৭২৭-৫৬X স্ক’ৰ কৰে।
চীনে ১৭৪৩-৬৮X স্ক’ৰেৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াই ১৭৩৫-৬৫X স্ক’ৰেৰে ৰূপৰ পদক লাভ কৰে আৰু চীনা টাইপেই ১৭৩৪-৪৮X স্ক’ৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
ব্যক্তিগত ইভেণ্টত ভাৰতৰ এছা সিঙে ৫৮০-২২X স্ক’ৰেৰে অষ্টম স্থান দখল কৰে। শীৰ্ষ আঠ শ্বুটাৰে ব্যক্তিগত ফাইনেলত প্ৰৱেশ কৰে।
ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী মনু ভাকেৰ ব্যক্তিগত ফাইনেলত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। অৰ্হতাত ৫৭৯-১৮X শ্বট দি ১১ নম্বৰ স্থান দখল কৰে । ইফালে ৰাহি ছাৰ্নোবাটে ৫৬৮-১৬X স্ক’ৰেৰে ৩০ নম্বৰ স্থান দখল কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ