
মেলবৰ্ণ, ২৮ ছেপ্টেম্বৰ (হি.স.)। ক্ৰিকেট অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ বুনক অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিছে । ২৮ অক্টোবৰৰ পৰা তেওঁ এই ভূমিকা গ্ৰহণ কৰিব । বৰ্তমানৰ অধ্যক্ষ মাইক বেয়াৰ্ডে ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ বৈঠকৰ পিছত পদত্যাগ কৰাৰ সিদ্ধান্তৰ পিছত বুনক অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
বিগত ছবছৰ ধৰি ক্ৰিকেট অষ্ট্ৰেলিয়া ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰি অহা বেয়াৰ্ডে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে।তেওঁ পুনৰ নিযুক্তিৰ বাবে নিজৰ নাম দাখিল নকৰে আৰু এজিএমৰ পিছত পদত্যাগ কৰিব বুলি ব’ৰ্ডক অৱগত কৰে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতি অনুসৰি বুনে কয় যে, ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৱৰ্তীকালীন অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মান। ক্ৰিকেটৰ বাবে এইটো এটা অতি ৰোমাঞ্চকৰ আৰু প্ৰত্যাহ্বানমূলক সময়। অষ্ট্ৰেলিয়াত ক্ৰিকেটৰ দীৰ্ঘম্যাদী স্বাস্থ্য আৰু বৃদ্ধি নিশ্চিত কৰা আৰু বিশ্বজুৰি অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ স্বাৰ্থক আগুৱাই নিয়াৰ ক্ষেত্ৰত ব'ৰ্ডক নেতৃত্ব দিবলৈ আগ্ৰহী।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ব’ৰ্ডত যোগদান কৰে বুনে।ইয়াৰ পূৰ্বে তেওঁ ক্ৰিকেট তাছমেনিয়াৰ সঞ্চালক হিচাপে ৯ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল, য’ত তিনি বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বুনৰ ক্ৰিকেট প্ৰশাসনৰ ক্ষেত্ৰতো বহু অভিজ্ঞতা আছে। তেওঁ আই চি চিৰ মেচ ৰেফাৰী আৰু ক্ৰিকেট তাছমেনিয়াৰ ক্ৰিকেটৰ জেনেৰেল মেনেজাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০০০ চনৰ পৰা ২০১১ চনলৈকে অষ্ট্ৰেলিয়াৰ বাছনি পেনেলৰ সদস্যও আছিল।
বুনে মাইক বেয়াৰ্ডৰ নেতৃত্বক প্ৰশংসা কৰি কয় যে তেওঁ তৃণমূল ক্লাবৰ পৰা আৰম্ভ কৰি ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু আইচিচি ব’ৰ্ডলৈকে অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল।
পদত্যাগ কৰা বেয়াৰ্ডে ডেভিদ বুনে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৱৰ্তীকালীন অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰাৰ ইচ্ছাক আদৰণি জনায়। অনাগত সপ্তাহত বুনৰ সৈতে দায়িত্ব পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলিও তেওঁ কয়।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ তথ্য অনুসৰি এজিএমৰ পিছত অহা কেইমাহমানৰ পৰা স্থায়ী অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ