কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ
কোকৰাঝাৰ, ২৮ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ স্বাস্থ্যসেৱা, আন্তঃগাঁথনি আৰু ৰোগীসকললৈ আগবঢ়োৱা সেৱাৰ মানদণ্ডৰ বুজ লয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক আ
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ ।


কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ ।


কোকৰাঝাৰ, ২৮ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ স্বাস্থ্যসেৱা, আন্তঃগাঁথনি আৰু ৰোগীসকললৈ আগবঢ়োৱা সেৱাৰ মানদণ্ডৰ বুজ লয়।

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু মুৰব্বী অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী অশোক সিংঘলে।ইয়াৰ পিছত বিটিচিৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন স্বাস্থ্য সূচক আৰু স্বাস্থ্য সেৱাৰ অগ্ৰগতি সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংঘলে । উক্ত বৈঠকত পাঁচখন জিলাৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক পৰিস্থিতিৰ লগতে মাতৃ আৰু শিশু স্বাস্থ্য, প্ৰাতিষ্ঠানিক প্ৰসৱ, টিকাকৰণ, চিকিৎসা সেৱাৰ মান, স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ, ঔষধ-পাতি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰা হয়।পৰ্যালোচনা বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু বিধায়ক ৰূপম চন্দ্ৰ ৰায় উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande