
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছে নির্বাচনত জিকিলে নির্বাচন আয়োগ আৰু ইভিএম ভাল আৰু হাৰিলে দুয়োটাই বেয়া। লগতে নির্বাচন আয়োগক বিজেপিৰ হাতৰ পুতলা বুলিও আখ্যা দিয়ে। এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ।
আজি নগাঁও জিলা বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত সভাপতি শইকীয়াই কয় যে নির্বাচনত হাৰিলে নির্বাচন আয়োগ আৰু ইভিএমক দোষাৰোপ কৰিবলৈ বিচৰা কংগ্ৰেছ আৰু বিৰোধী বাৰে বাৰে আদালত আৰু ৰাইজৰ আদালতত মুখথেকেঁচা খাইছে। কংগ্ৰেছ আৰু বিৰোধীৰ উদ্দেশ্যই হৈছে কার্যপালিকা বা ন্যায়পালিকাকে ধৰি সাংবিধানিক সংস্থা সমূহৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি জনতাৰ সন্মুখত হেয় প্রতিপন্ন কৰা বুলিও শইকীয়াই বিৰোধীক কটাক্ষ কৰে।
বেলট পেপাৰত নিৰ্বাচন দাবী কৰা কংগ্ৰেছে বিগত সময়ত অনুষ্ঠিত স্থানীয় নিকায়ৰ বেলট পেপাৰতো নিৰ্বাচনত পৰাজিত হৈ আহিছে। এতিয়ালৈকে কংগ্রেছ দলটো ৰাহুল গান্ধীৰ নেতৃত্বত ৯০ বাৰতকৈও নিৰ্বাচনত পৰাজিত হৈছে বুলি দৰং-ওদালগুৰি সংসদীয় সমষ্টিৰ সাংসদজনে মন্তব্য কৰে।
সভাপতি শইকীয়াই পুনৰ কয় যে ৰাহুল গান্ধীয়ে ২০২৪ ৰ লোকসভা নির্বাচনৰ পিছত এলন মাস্কৰ এক বক্তব্যৰ ওপৰত ভিত্তি কৰি ইভিএম ভাৰতীয় গণতন্ত্ৰৰ ব্লেক বক্স বুলি অভিহিত কৰিছিল। কিন্তু নির্বাচন আয়োগে বহুবাৰ উচ্চতম ন্যায়ালয়ত ইভিএমৰ বিশ্বাসযোগ্যতা প্রমাণ কৰি থৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ আক্ৰমণ কৰি শইকীয়াই কয় যে ৰাফেল প্রসংগত চৌকিদাৰ চোৰ হেই বুলি উচ্চতম ন্যায়ালয়ে মানি লোৱা বুলি কৈ আদালত অবমাননা গোচৰ হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। বিনা চর্তত আদালতত ক্ষমা খোজাৰো নির্দেশ দিয়া হৈছিল ৰাহুল গান্ধীক।
সংবাদমেলত সভাপতি শইকীয়াই নির্বাচন আয়োগৰ বিবৃতিত বিৰোধীৰ অপপ্ৰচাৰৰ ৰাজনীতি ফাদিল হ'ল বুলিও কংগ্রেছ নেতাজনক কটাক্ষ কৰে। বিৰোধীয়ে যে দেশৰ ৰাজনীতি উত্তেজনাময় কৰি ৰাখিব বিচাৰে সেয়া বর্তমান সম্পূর্ণ স্পষ্ট হৈ পৰিছে। এক কথাত বিৰোধীৰ মুখা খোল খালে। তিনিওগৰাকী নির্বাচন আয়ুক্তই সর্বসম্মতি ক্রমে এছ আই আৰ ৰ সকলো সিদ্ধান্ত গ্রহণ কৰিছিল বুলি মন্তব্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনে নিৰপেক্ষ নির্বাচনী প্ৰক্ৰিয়াৰ ওপৰত প্রশ্ন উত্থাপন কৰাটোৱেই বিৰোধীৰ হতাশা প্রতিফলিত কৰিছে।
ফর্ম ৬ ক উচ্চতম ন্যায়ালয়ে বৈধ বুলি কোৱাৰ পিছতো বিৰোধীৰ বিৰোধিতাই স্পষ্ট কৰিলে যে বিৰোধীয়ে সাংবিধানিক সংস্থা সমূহক বদনাম কৰিব বিচাৰে। কিন্তু সেই অপচেষ্টা বিফল হ'ল নির্বাচন আয়োগে নিজৰ স্থিতি স্পষ্ট কৰাৰ পিছত। কংগ্ৰেছৰ স্বৰূপ ওলাই পৰিল। কংগ্ৰেছে সাংবিধানিক সংস্থাসমূহক সন্মান কৰিবলৈ শিকাৰ প্ৰয়োজন আছে বুলিও সংবাদমেলত সাংসদ শইকীয়াই মন্তব্য কৰে।
আজিৰ সংবাদমেলত অসম চৰকাৰৰ কেবিনেট মন্ত্রী সুশান্ত বুঢ়াগোহাঁই, বিধায়ক প্রদ্যুত বৰদলৈ, বিধায়ক ৰূপক শর্মা, বিধায়ক দিগ্ধ ৰঞ্জন শর্মাকে ধৰি প্ৰদেশ বিজেপিৰ কেবাজনো শীর্ষ নেতা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী