সীতানাথ ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা ২০২৬ বৰ্ষৰ বাবে লেখকৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে
শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ স্মৃতিৰ জোনাক জাগৰণৰ বাবে প্ৰদান কৰি অহা ''সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা-২০২৬'' এই বৰ্ষতো প্ৰদান কৰা হ''ব। অসমৰ জাতি, উপজাতিৰ সমন্বয় আৰু সংহতিৰ বক্তব্য
সীতানাথ ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা ২০২৬ বৰ্ষৰ বাবে লেখকৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে


শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ স্মৃতিৰ জোনাক জাগৰণৰ বাবে প্ৰদান কৰি অহা 'সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা-২০২৬' এই বৰ্ষতো প্ৰদান কৰা হ'ব। অসমৰ জাতি, উপজাতিৰ সমন্বয় আৰু সংহতিৰ বক্তব্য দাঙি ধৰা আলোচনা গ্ৰন্থৰ বাবে অসম সাহিত্য সভাই তিনিখনকৈ গ্রন্থ আহ্বান কৰিছে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি এক সংবাদ মাধ্য়মক জানিবলৈ দিয়া অনুসৰি-ওদালগুৰিত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্য্য়বৰ্ষৰ ষষ্ঠ পূর্ণাংগ কার্যনির্বাহক অধিৱেশনৰ অনুমোদন মর্মে সভাই এই বঁটা প্ৰদান কৰিব। সংবাদ বিজ্ঞপ্তিটোত প্রধান সম্পাদক বৰাই লগতে কয় যে-'সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা-২০২৬'-ৰ বাবে গ্ৰন্থৰ নাম, লেখকৰ নাম, প্ৰকাশৰ বৰ্ষ, প্রকাশকৰ নাম, যোগাযোগৰ ঠিকনা, দুকপি পাছপ'র্ট আকাৰৰ ফটো আৰু ফোন নম্বৰসহ তথ্য সংলগ্ন কৰি আবেদন পত্র প্ৰেৰণ কৰিব লাগিব।

এই বঁটাৰ বাবে ২০২৪ বর্ষ আৰু ২০২৫ বর্ষত প্রকাশিত গ্রন্থহে গ্রহণ কৰা হ'ব আৰু আৱেদনকাৰীয়ে তিনিখনকৈ গ্রন্থ জমা দিব লাগিব। অন্যহাতে কোনো পাণ্ডুলিপি বা পূর্বে বঁটাপ্রাপ্ত কোনো গ্রন্থ এই বঁটাৰ বাবে গ্রহণ কৰা নহ'ব। অহা ১০ অক্টোবৰ-২০২৬ তাৰিখৰ ভিতৰত প্রধান সম্পাদক, অসম সাহিত্য সভা, ভগৱতী প্রসাদ বৰুৱা ভৱন, আমবাৰী, গুৱাহাটী-১ এই ঠিকনাত 'সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা-২০২৬'-ৰ বাবে বুলি উল্লেখ কৰি সম্পূৰ্ণ তথ্য-পাতি প্ৰেৰণ কৰিব লাগিব। এখন তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ দ্বাৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখকক কৰ্ণধাৰ সমিতিৰ অনুমোদনমৰ্মে ন্যাসৰ সহযোগত অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত এই বঁটা প্ৰদান কৰিব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande