তেজপুৰত শিখ যুৱকৰ আত্মহত্যাৰ ঘটনাৰ নতুন মোৰঃপ্ৰেয়সীক গ্ৰেপ্তাৰ
শোণিতপুৰ, ২৬ছেপ্টেম্বৰ(হি.স.)। তেজপুৰত প্ৰায় এসপ্তাহ পূৰ্বে আত্মহত্যা কৰা শিৱসাগৰৰ লাচিত নগৰৰ অমৃতপাল সিং(২৮) নামৰ যুৱক জনৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আজি পুৱা তেজপুৰ আৰক্ষীয়ে কেতেকীবাৰীৰ অনুশ্ৰী বৰা নামৰ যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰিছে।উল্লে
তেজপুৰত শিখ যুৱকৰ আত্মহত্যাৰ ঘটনাৰ নতুন মোৰঃপ্ৰেয়সীক গ্ৰেপ্তাৰ


শোণিতপুৰ, ২৬ছেপ্টেম্বৰ(হি.স.)। তেজপুৰত প্ৰায় এসপ্তাহ পূৰ্বে আত্মহত্যা কৰা শিৱসাগৰৰ লাচিত নগৰৰ অমৃতপাল সিং(২৮) নামৰ যুৱক জনৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আজি পুৱা তেজপুৰ আৰক্ষীয়ে কেতেকীবাৰীৰ অনুশ্ৰী বৰা নামৰ যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰিছে।উল্লেখযোগ্য যে,পূৰ্বে ওমানত হোটেলৰ চাকৰি ত্যাগ কৰি কেৱল তেজপুৰৰ এইগৰাকী যুৱতীৰ প্ৰেমৰ বাবেই তেজপুৰলৈ আহি ইয়াত খাদ্যৰ ব্যৱসায় কৰা অমৃতপালে যোৱা ২০ চেপ্টেম্বৰত তেজপুৰ কেতেকীবাৰীৰ এটা ভাড়াঘৰত চিপলৈ আত্মহত্যা কৰা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷

উল্লেখযোগ্য যে,স্থানীয় লোকে সেয়া আত্মহত্যা বুলি দাবী কৰাৰ বিপৰীতে অমৃতপালৰ পিতৃ হিম্মত সিঙে সেয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল। সেইদিনাই হিম্মত সিঙে তেজপুৰ সদৰ থানাত এখন এজাহাৰৰ দাখিল কৰিছিল৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লত মৰণোত্তৰ পৰীক্ষাৰ পাছত অমৃতপালৰ মৃতদেহ পৰিয়ালে শিৱসাগৰলৈ সেই নিশা লৈ যোৱাৰ বিপৰীতে শিৱসাগৰত অমৃতৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত এই ঘটনাকলৈ তেজপুৰৰ যুৱতী অনুশ্ৰীৰে অমৃতৰে প্ৰেমৰ সম্পৰ্ক থকা তথা ইয়াৰ পৰিণতিত অমৃত অনুশ্ৰীৰ অভিভাৱকৰ পৰা তীব্ৰ মানসিক হেঁচাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিষয়েও অভিযোগ উত্থাপন কৰিছিল৷

অমৃতপালৰ আত্মীয়ৰ মতে, তেজপুৰলৈ অমৃতক মাতি আনিছিল প্ৰেয়সী অনুশ্ৰীয়ে আৰু অনুশ্ৰীৰ পিতৃয়ে তেজপুৰত অমৃতপালক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব বুলিও কৈছিল৷ পাছত তেজপুৰলৈ অহা অমৃতপালক তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক চ্ছেদ কৰিবলৈ অনুশ্ৰীৰ পৰিয়ালে হেঁচা দিয়া বুলিও অভিযোগ কৰিছিল অমৃতপালৰ আত্মীয়ই৷

উল্লেখযোগ্য য়ে,২০ছেপ্টেম্বৰত অমৃতপালৰ পিতৃৰ এজহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ ১০৮ধাৰাত তেজপুৰ সদৰ থানাত ৬২৪/২৬ৰ গোচৰটো ৰুজু কৰিছিল যদিও অনুশ্ৰীক এসপ্তাহে গ্ৰেপ্তাৰ কৰা নাছিল৷ তেজপুৰ আৰক্ষীৰ ভূমিকাক লৈও শিৱসাগৰত অমৃতপালৰ আত্মীয়ই ক্ষোভ উজৰাৰ বিপৰীতে আজি পুৱা অভিযুক্ত প্ৰেমিকা অনুশ্ৰী বৰাক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

প্ৰনিধানযোগ্য যে,অমৃতপালৰ মোবাইল ফোনত অনুশ্ৰীৰ যথেষ্ট আলোকচিত্ৰ লাভ কৰিছে৷ আজি তেজপুৰ আৰক্ষীয়ে দুপৰীয়া অনুশ্ৰীক তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে অনুশ্ৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande