তেজপুৰত তিনিদিনীয়াকৈ সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ প্ৰতিযোগী শিক্ষাৰ্থীৰ মূল্যায়ন আৰম্ভ
শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ অন্তৰ্গত প্ৰতিযোগীৰ মূল্যায়ন। গাভৰু শিক্ষা খণ্ডৰ উদ্যোগত ৬৭ নং তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গাভৰু
তেজপুৰত তিনিদিনীয়াকৈ সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ প্ৰতিযোগী শিক্ষাৰ্থীৰ মূল্যায়ন আৰম্ভ


শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ অন্তৰ্গত প্ৰতিযোগীৰ মূল্যায়ন। গাভৰু শিক্ষা খণ্ডৰ উদ্যোগত ৬৭ নং তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গাভৰু , বালিপাৰা আৰু নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহত অনুষ্ঠিত চিত্ৰাংকন , বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলৰ মাজৰ পৰা ইং ২৬ , ২৮ , ২৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিতব্য তিনিটা দিনত সমষ্টি ভিত্তিক বিজয়ী প্ৰতিযোগীৰ মূল্যায়ন কৰা হ'ব ।

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষা মঞ্জু বাঢ়ৈৰ উপস্থিতিত আৰু তেজপুৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক তথা গাভৰু শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড-প্ৰাথমিক শিক্ষা বিষয়া নিলোৎজ্বল শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি সৌষ্ঠৱতা ৰাখে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত জেমচ আইন্দৰ লগতে আমন্ত্ৰিত বিচাৰকৰ আসন শুৱনি কৰে বোলছবি জগতৰ খ্যাতিমান অভিনেতা , বিশিষ্ট চিত্ৰশিল্পী অৰুণ নাথ , চিত্ৰ-ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাস আৰু বিশিষ্ট চিত্ৰ শিল্পী অজয় দেৱে । অনুষ্ঠানত উপস্থিত থাকি শোভাবৰ্ধন কৰে তেজপুৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য পৰাশৰ , তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা ঘোষ বসু , জিলা শিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ অজয় কাণ্ডুলানা , বি আৰ পি প্ৰণীতা মেধি , অঞ্জন কুমাৰ ডেকা আৰু গাভৰু শিক্ষাখণ্ডৰ সমূহ চি আৰ চি চি সকল । আনহাতে অনুষ্ঠানত উপস্থিত থাকি পৰ্বতীয়া জিলা পৰিষদৰ সদস্যা স্বপ্না বনিয়াই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালৰ প্ৰশংসা জনাই 'সেৱা সংকল্প অভিযান'ত অন্তৰ্ভুক্ত সকলো শিশুক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande