(আপডেট)সোমনাথ মন্দিৰ যাত্ৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ পৰা ৫৪ গৰাকী তীৰ্থযাত্ৰী সহ বাছখন ৰাওনা
শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। সোমনাথ যাত্ৰা ২০২৬ত অংশগ্ৰহণৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ পৰা ৫৪ গৰাকী তীৰ্থযাত্ৰী আৰু এগৰাকী ন’ডেল বিষয়াক কঢ়িয়াই নিয়া বাছখন আজি তেজপুৰ স্থিত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা আয়ুক্ত আনন্দ কুমাৰ দা
সোমনাথ যাত্ৰা ২০২৬


সোমনাথ যাত্ৰা ২০২৬


শোণিতপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। সোমনাথ যাত্ৰা ২০২৬ত অংশগ্ৰহণৰ উদ্দেশ্যে শোণিতপুৰ জিলাৰ পৰা ৫৪ গৰাকী তীৰ্থযাত্ৰী আৰু এগৰাকী ন’ডেল বিষয়াক কঢ়িয়াই নিয়া বাছখন আজি তেজপুৰ স্থিত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আনুষ্ঠানিক ভাৱে পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে।

তীৰ্থযাত্ৰী সকলে গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচনত ৰাজ্যিক দলত যোগদান কৰিব। তাৰ পাছত আজি সন্ধিয়া প্ৰায় ৭:০০ বজাত কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা সোমনাথ যাত্ৰা ২০২৬ৰ ৰাজ্যিক পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব। আজি জিলা পৰ্যায়ৰ যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত জেম্ছে আইন্দ, সহকাৰী আয়ুক্তদ্বয় প্ৰমোদ শৰ্মা আৰু ৰাজেন কুমাৰ আচাৰ্যৰ লগতে অন্যান্য সংশ্লিষ্ট বিষয়া সকল উপস্থিত থাকে।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ অংশগ্ৰহণকাৰী তীৰ্থযাত্ৰী সকলে গুজৰাটৰ পৱিত্ৰ আৰু ঐতিহ্যমণ্ডিত সোমনাথ মন্দিৰলৈ তীৰ্থযাত্ৰা কৰাৰ সুযোগ লাভ কৰিব। এই যাত্ৰাত অংশগ্ৰহণ কৰি পৱিত্ৰ সোমনাথ মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰাৰ বাবে তীৰ্থযাত্ৰী সকলে কৃতজ্ঞতা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande