
তেজপুৰৰ ঐতিহ্যমণ্ডিত ঘৰৰ মূল গুৰিধৰোঁতা ,সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ বোৱাৰী পৰি গোহাঞি বৰুৱাৰ দেহাৱসান
কলা -সংস্কৃতিৰ প্ৰতি অনুৰাগী সৰবৰহী ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰত শোকাকুল পৰিবেশ
বাসগৃহত বিভিন্ন অনুষ্ঠানৰ অন্তিম শ্ৰদ্ধা
শোণিতপুৰ ,২৬ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰৰ ঐতিহ্যমণ্ডিত ঘৰৰ মূল গুৰিধৰোঁতা ,সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ বোৱাৰী পৰি গোহাঞি বৰুৱাৰ দেহাৱসান। তেজপুৰৰ যিখন ঐতিহ্যমণ্ডিত ঘৰৰ পৰা অসমীয়া সাহিত্যৰ সৃষ্টিৰ বীজ ৰোপণ হৈছিল ,য'ত যিগৰাকী ব্যক্তিৰ দূৰদৰ্শী চিন্তা -চেতনাৰ ফলত অসমীয়া ভাষা -সাহিত্যৰ সুৰক্ষাৰ প্ৰথমটো খোজ আৰম্ভ হৈছিল সেইগৰাকী পুৰোধা সাহিত্যিক ,সাহিত্য কাণ্ডাৰী ,অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ একমাত্ৰ বোৱাৰী তথা প্ৰয়াত হৰেকৃষ্ণ গোহাঞি বৰুৱাৰ সহধৰ্মিনী পৰি গোহাঞি বৰুৱাৰ কালি নিশা ১২ বজাত ৮৯ বছৰ বয়সত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে ।
তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব বিদূষী গৰাকী প্ৰায় এসপ্তাহ আগলৈকে সম্পূৰ্ণ সুস্থ হৈ আছিল যদিও এসপ্তাহৰ পূৰ্বে আকস্মিকভাৱে অসুস্থ হৈ পৰাত বাসগৃহতে চিকিৎসাধীন হৈ আছিল যদিও কালি পুৱা শৰীৰৰ দ্ৰত অৱনতি ঘটাত দুই শিল্পী পুত্ৰ উদয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰে যদিও নিশা ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে । তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ,চিত্ৰলেখা মহিলা চ'ৰা ,কলিবাৰীৰ বুলনি চ'ৰা ,কলিবাৰী ৰাজহুৱা নামঘৰ আদিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থকা বিদূষী গৰাকী ঘৰখনৰ পৰিৱেশৰ বাবেই এগৰাকী প্ৰচুৰ অধ্যয়নশীল মহিলা আছিল ।
এসপ্তাহৰ আগলৈকে চশমা নোহোৱাকৈ নিয়মীয়াকৈ বাতৰি কাকত ,আলোচনী আৰু যিকোনো গ্ৰন্থ নিয়মীয়াকৈ পঢ়ি থকা বিদূষী গৰাকী যিকোনো সাহিত্য -সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতি অতি অনুৰক্ত আছিল ।অতি সৰবৰহী আৰু যিকোনো লোককেই কম সময়তে আপোন কৰি ল'ব পৰা প্ৰয়াত বিদূষী গৰাকী সাহিত্য কাণ্ডাৰী গৰাকীৰ একমাত্ৰ বোৱাৰী হিচাপে ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰটো এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ।ঘৰখনৰ তাহানিৰ ঐতিহ্য সুৰক্ষিত কৰি ৰখাৰ লগতে শহুৰেকৰ অমূল্য সৃষ্টিৰাজি সমূহ সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰতো বিশেষ দায়িত্ব পালন কৰি অহা প্ৰয়াত বিদূষী গৰাকীয়ে স্হানীয় মহিলাৰ অনুষ্ঠান বুলনি চ'ৰা পৰিচালনা কৰাত অন্যতম গুৰিধৰোঁতা হিচাপে বিশেষ ভূমিকা পালন কৰি স্হানীয় মহিলা সকলক এক মানসিক পৰিমণ্ডলৰ মাজলৈ উলিয়াই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল ।
বিদূষী ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ নশ্বৰ দেহ পুৱা কলিবাৰীৰ বাসগৃহলৈ অনাৰ পিছতেই সহস্ৰাধিক শোকাকুল জনতাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।বাসগৃহতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱা ,সম্পাদক লুইত শৰ্মা ,বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা ,উপসভাপতি ভৱানন্দ দাস ,প্ৰাক্তন উপসভাপতি দিলীপ বৰা ,সম্পাদক পংকজ বৰুৱা ,কাৰ্যনিৰ্বাহকৰ আন বিষয়ববীয়া ,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা ,কাৰ্যনিৰ্বাহকৰ সদস্য মহেন্দ্ৰ কুমাৰ নাথ ,অসমীয়া ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা ,সম্পাদক ভূপেন শৰ্মা ,প্ৰাক্তন উপসভাপতি হেমন্ত লহকৰ ,প্ৰাক্তন সম্পাদক অনু দেৱী মহন্ত ,যুটীয়া সম্পাদক নাৰায়ণ বৰঠাকুৰ ,কলাগুৰুৰ শিল্পী পুত্ৰ হেমৰাজ ৰাভা ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা ,উপসভাপতি দ্বীজেন নাথ ,চিত্ৰলেখা মহিলা চ'ৰা ,বুলনি চ'ৰা,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উপসভাপতি প্ৰয়াগ শৰ্মা ,আকাশবাণী তেজপুৰ ,তেজপুৰৰ সকলো সংগীতশিল্পী আদি বিভিন্ন অনুষ্ঠানে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
ইয়াৰ পিছতেই বিদূষী গৰাকীৰ নশ্বৰ দেহ মৰাভৰলী ৰাজহুৱা শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয় ।তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী ,বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা ,জিলা আয়ুক্ত আনন্দ কুমাৰ দাস,শোণিতপুৰ জিলাৰ তদানীন্তন জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ,বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ ,বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া ,শোণিতপুৰ জিলাৰ তদানীন্তন অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাস ,তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস ,সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য ,সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি পংকজ শৰ্মা ,শোণিতপুৰ শিল্পী সমাজ ,তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া ,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৃগেন চন্দ্র বড়া ,সংগীতম ,বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰাকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠানে শোক প্ৰকাশ কৰা বিদূষী গৰাকীয়ে মৃত্যুৰ সময়ত সমাজকৰ্মী তথা অসমীয়া ক্লাবৰ উপসভাপতি পুত্ৰ উদয় কৃষ্ণ গোহাঞি বৰুৱা ,বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ,বোৱাৰী ,নাতি -নাতিনী সহ আত্মীয় স্বজনক এৰি থৈ গৈছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ