দেশৰ অন্যতম বৃহৎ ই-মিথানল উৎপাদন প্ৰকল্পটোত অংশীদাৰ হ’ব পৰাটো অসমৰ বাবে গৌৰৱৰ বিষয় ঃ মুখ্যমন্ত্ৰী
–গুজৰাটে ভাৰতবৰ্ষক এনে এগৰাকী প্ৰধানমন্ত্ৰী প্ৰদান কৰিছে, যিগৰাকীৰ অপেক্ষা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে সদায় কৰি আহিছিল ঃ মুখ্যমন্ত্ৰী গুৱাহাটী, ২৬ ছেপ্টেম্বৰ (হি.স.)। দেশৰ সেউজ অৰ্থনীতিৰ বিকাশৰ দিশত অসমৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্
গুজৰাটৰ কণ্ডলাত এটা বৃহৎ ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে


–গুজৰাটে ভাৰতবৰ্ষক এনে এগৰাকী প্ৰধানমন্ত্ৰী প্ৰদান কৰিছে, যিগৰাকীৰ অপেক্ষা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে সদায় কৰি আহিছিল ঃ মুখ্যমন্ত্ৰী

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ (হি.স.)। দেশৰ সেউজ অৰ্থনীতিৰ বিকাশৰ দিশত অসমৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম পেট্ৰ’-কেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ সন্মিলিত প্ৰচেষ্টাৰে গুজৰাটৰ কাণ্ডলাত স্থাপন হ’বলগীয়া ই-মিথানল প্ৰকল্পটোৰ আধাৰশিলা গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আনুষ্ঠানিকভাৱে স্থাপন কৰে৷

উল্লেখ্য যে, দৈনিক ১৫০ টন (টি পি ডি] উৎপাদন ক্ষমতাৰ দেশৰ অন্যতম বৃহৎ ই-মিথানল প্ৰকল্পটো ২,৩০০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰিবলৈ লোৱা হৈছে৷ এই প্ৰকল্পটোৱে ৩,৫০০ৰো অধিক যুৱক-যুৱতী, অভিযন্তা আৰু দক্ষ কৰ্মচাৰীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব৷ ভাৰতৰ পশ্চিম প্ৰান্তৰ অন্যতম ব্যস্ত সামুদ্ৰিক বাণিজ্যিক পথত অৱস্থিত কাণ্ডলা বন্দৰত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৱে দেশৰ আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু জাহাজ পৰিবহণৰ প্ৰদূষণ হ্ৰাস কৰিব৷ গুজৰাটত স্থাপন হ’বলগীয়া এই প্ৰকল্পটোৱে ঔদ্যোগিক খণ্ডত অসমৰ ক্ৰমবৰ্দ্ধমান সবল উপস্থিতি তথা সামৰ্থকো প্ৰতিফলিত কৰিছে৷

এই উপলক্ষে গুজৰাটৰ গান্ধীধামৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ প্ৰদৰ্শনী ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ); উৎপাদন ক্ষমতাৰ দেশৰ অন্যতম বৃহৎ ই-মিথানল প্ৰকল্পটো ২,৩০০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰিবলৈ লোৱা হৈছে৷ এই প্ৰকল্পটোৱে ৩,৫০০ৰো অধিক যুৱক-যুৱতী, অভিযন্তা আৰু দক্ষ কৰ্মচাৰীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব৷ ভাৰতৰ পশ্চিম প্ৰান্তৰ অন্যতম ব্যস্ত সামুদ্ৰিক বাণিজ্যিক পথত অৱস্থিত কাণ্ডলা বন্দৰত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পটোৱে দেশৰ আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু জাহাজ পৰিবহণৰ প্ৰদূষণ হ্ৰাস কৰিব৷ গুজৰাটত স্থাপন হ’বলগীয়া এই প্ৰকল্পটোৱে ঔদ্যোগিক খণ্ডত অসমৰ ক্ৰমবৰ্দ্ধমান সবল উপস্থিতি তথা সামৰ্থকো প্ৰতিফলিত কৰিছে৷

এই উপলক্ষে গুজৰাটৰ গান্ধীধামৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ প্ৰদৰ্শনী ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত

ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই প্ৰকল্পটোৱে ভাৰতবৰ্ষক সেউজ ইন্ধন যোগানৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনত গ্লাচগোত আয়োজিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰি ২০৭০ চনৰ ভিতৰত ভাৰতবৰ্ষই কাৰ্বন নিৰ্গমণ শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণৰ কথা উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ পিছতে সমগ্ৰ দেশতে সূচনা হোৱা সেউজ ইন্ধনৰ নতুন আন্দোলনটোক¸ গুজৰাটে নেতৃত্ব দিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনে সৌৰশক্তি, সেউজ হাইড্ৰ’জেন আদি উৎপাদনেৰে ভাৰতবৰ্ষক জীৱাশ্ম ইন্ধনৰ পৰা সেউজ ইন্ধন ব্যৱহাৰলৈ হোৱা যাত্ৰাৰ নেতৃত্ব বহন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ সেউজ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ এই দৃষ্টিভংগী ক্ৰমান্বয়ে দেশৰ সকলো ৰাজ্যলৈ প্ৰসাৰিত হৈছে আৰু আজি ভাৰতবৰ্ষই সেউজ শক্তি উৎপাদনত বিশ্বৰ এক অগ্ৰণী ৰাষ্ট্ৰ হিচাপে উদ্ভাসিত হৈছে৷ তেওঁ কয় যে সেউজ ইন্ধন ব্যৱহাৰৰ পদক্ষেপক আগুৱাই লৈ গৈ দেশৰ জাহাজসমূহতো এনে ইন্ধন ব্যৱহাৰৰ চিন্তা-চৰ্চা কৰা হৈছে আৰু এই লক্ষ্য পূৰণৰ উদ্দেশ্যে আজি গুজৰাটৰ কাণ্ডলাত দেশৰ অন্যতম বৃহৎ ই-মিথানল উৎপাদন প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ প্ৰকল্পটোৰ পৰা উৎপাদিত মিথানল বন্দৰটোৰ পৰা বিদেশলৈ যাত্ৰা কৰা জাহাজসমূহৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

কাণ্ডলাৰ এই বৃহৎ প্ৰকল্পটোত অসমে কৰা অংশগ্ৰহণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে দেশক ইন্ধন যোগান ধৰাৰ দিশত অসমে পূৰ্বৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ তেওঁ উল্লেখ কৰে যে ১৮৬৭ চনতে অসমৰ মাকুমত এছিয়াৰ প্ৰথমটো যান্ত্ৰিকভাৱে খন্দা তৈলখাদ স্থাপন কৰা হৈছিল আৰু ১৯০১ চনতে ডিগবৈত স্থাপন হৈছিল দেশৰ প্ৰথমটো তেল শোধনাগাৰ৷ অসমে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডলৈ বৰ্তমানেও গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মিথানল উৎপাদনৰ দিশত অসম প্ৰায় ৫০ বছৰীয়া অভিজ্ঞতাৰে সমৃদ্ধ৷ নামৰূপস্থিত অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে দৈনিক ৫০০ টন পৰ্যন্ত মিথানল উৎপাদন কৰিব পাৰে৷ এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া কাণ্ডলাত স্থাপন হ’বলগীয়া ই-মিথানল প্ৰকল্পটোত অসম পেট্ৰ’-কেমিকেলছ লিমিটেডক অংশীদাৰ হ’বলৈ আহ্বান জনাইছিল, তেতিয়া অসমে ইয়াক এক গৌৰৱৰ বিষয় বুলি গণ্য কৰি তাৎক্ষণিকভাৱে সন্মতি আগবঢ়াইছিল৷ এই ধৰণৰ প্ৰকল্প ভৱিষ্যতে দেশৰ অন্যান্য বন্দৰতো স্থাপনৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

ভাষণত মুখ্যমন্ত্ৰীয়ে অসম আৰু গুজৰাটৰ সৈতে থকা পুৰণি আৰু আন্তৰিক সম্পৰ্কৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে ভগৱান শ্ৰীকৃষ্ণই অসমৰ ৰুক্মিণীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ গুজৰাটৰ সৈতে অসমৰ আন্তৰিক সম্পৰ্ক আধুনিক সময়তো অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য হৈছে অসম৷ আনহাতে অসমৰ পৰা সৰ্বাধিক চাহ আমদানি কৰা ৰাজ্যসমূহৰ ভিতৰত গুজৰাট অন্যতম৷ গুজৰাটৰ বিকাশৰ আৰ্হিৰ সম্যক বুজ লোৱাৰ উদ্দেশ্যে কিছুদিন পূৰ্বে অসমৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াই ৰাজ্যখনৰ সচিবালয় ভ্ৰমণ কৰাৰ কথাও ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চল এসময়ত দেশৰ অন্যতম বঞ্চিত অঞ্চল হিচাপে চিহ্নিত হৈছিল৷ কিন্তু নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোৰে বিকাশৰ গতিপথ সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে৷ গুজৰাটৰ দৰে অসমতো এতিয়া ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্প স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে আৰু এয়া প্ৰধানমন্ত্ৰীৰ বাবেই সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘মই গুজৰাটবাসীক ধন্যবাদ জনাব বিচাৰোঁ যে আপোনালোকে ভাৰতবৰ্ষক এনে এগৰাকী প্ৰধানমন্ত্ৰী প্ৰদান কৰিছে, যিগৰাকীৰ অপেক্ষা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে সদায় কৰি আহিছিল৷

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰূপান্তৰণৰ কাম পূৰ্ণগতিত চলি আছে৷’ এই প্ৰকল্পটো স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে৷

আজিৰ এই অনুষ্ঠানত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপৰি গুজৰাট চৰকাৰৰ শ্ৰম, দক্ষতা উন্নয়ন আৰু নিয়োগ আদি বিভাগৰ ৰাজ্যিক মন্ত্ৰী কান্তিলাল অম্ৰুটিয়া, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ত্ৰিকাম চাংগা, গুজৰাটৰ ক২৬ লোকসভা সমষ্টিৰ সাংসদ বিনোদ চাৱড়া, ৰাজ্যখনৰ গান্ধীধাম বিধানসভা সমষ্টিৰ বিধায়িকা মালতীবেন কিশোৰ মহেশ্বৰী, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈ, দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ সুশীল কুমাৰ সিং, অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande