কালাটত পাকিস্তানী সেনাৰ কনভয়ত মহিলা ইউনিটৰ আক্ৰমণ: বিএলএফ
কুৱেটা, ২৬ ছেপ্টেম্বৰ (হি.স.)। বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে শুকুৰবাৰে দাবী কৰে যে তেওঁলোকৰ সদ্যগঠিত মহিলা সশস্ত্ৰ ইউনিট কৰিমা আৰ্মড এছল্ট ডিভিজন (কাড)ৰ সদস্যসকলে বেলুচিস্তানৰ কালাট জিলাৰ এটা প্ৰধান ঘাইপথ অৱৰোধ কৰি পাকিস্তানী সেনাৰ কনভয়ক আক্ৰমণ
करीमा आर्म्ड असॉल्ट डिवीजन (काड) की फाइल फाेटाे


কুৱেটা, ২৬ ছেপ্টেম্বৰ (হি.স.)। বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে শুকুৰবাৰে দাবী কৰে যে তেওঁলোকৰ সদ্যগঠিত মহিলা সশস্ত্ৰ ইউনিট কৰিমা আৰ্মড এছল্ট ডিভিজন (কাড)ৰ সদস্যসকলে বেলুচিস্তানৰ কালাট জিলাৰ এটা প্ৰধান ঘাইপথ অৱৰোধ কৰি পাকিস্তানী সেনাৰ কনভয়ক আক্ৰমণ কৰে। সংগঠনটোৰ মতে, এই আক্ৰমণত কেইবাজনো জোৱান নিহত বা আহত হয়। অৱশ্যে পাকিস্তানী বিষয়াসকলে এই দাবীসমূহ ততাতৈয়াকৈ নিশ্চিত কৰা নাছিল।

বেলুচিস্তানৰ অনলাইন নিউজ নেটৱৰ্ক দ্য বেলুচিস্তান পোষ্টৰ মতে, বিএলএফৰ মুখপাত্ৰ মেজৰ গ্ৱাহাৰাম বেলুচে কয় যে ২৫ ছেপ্টেম্বৰত কেএএডিৰ সদস্যসকলে মাংগুচাৰ চহৰত টহল দি মূল ঘাইপথ অৱৰোধ কৰি বাহনসমূহ পৰীক্ষা কৰিছিল। তেওঁৰ মতে, সেনাবাহিনীক সহায় কৰিবলৈ কালাট আৰু মাষ্টুঙৰ পৰা মংগুচৰলৈ প্ৰেৰণ কৰা কনভয়ক লক্ষ্য কৰি লোৱা হয়।

সংগঠনটোৱে দাবী কৰে যে এই অভিযানত এখন সাজসজ্জিত বাহনকে ধৰি তিনিখন সামৰিক বাহন ধ্বংস বা অক্ষম হৈ পৰিছে। বিএলএফে কয় যে অঞ্চলটোত যুদ্ধ চলি আছে আৰু পিছত হতাহত আৰু লোকচানৰ অতিৰিক্ত তথ্য প্ৰকাশ কৰা হ’ব।

কিন্তু পাকিস্তানী বিষয়াসকলে মাংগুচাৰত সংঘটিত হোৱা কথিত সংঘৰ্ষ বা বিএলএফে প্ৰকাশ কৰা সামৰিক লোকচানৰ কথা ততাতৈয়াকৈ নিশ্চিত কৰা নাই।

বিএলএফে কেএএডি গঠনৰ কথা ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে এই দাবী উত্থাপন কৰে। সংগঠনটোৰ মতে, মহিলা শাখাৰ এয়া দ্বিতীয়টো কথিত অভিযান। ইয়াৰ পূৰ্বে মঙলবাৰে বিএলএফে দাবী কৰিছিল যে কেএএডিৰ সদস্যসকলে তুৰবাটৰ সমীপৰ চীন-পাকিস্তান ইকনমিক কৰিডৰ (চিপিইচি) ঘাইপথত পাকিস্তানী সেনাৰ কনভয়ক লক্ষ্য কৰি লৈছিল।

ইয়াৰ পিছত বিএলএফে মহিলা শাখাটোৰ কথিত প্ৰশিক্ষণৰ ভিডিঅ’ প্ৰকাশ কৰে, য’ত ইয়াৰ সদস্যসকলে অস্ত্ৰ-শস্ত্ৰ চম্ভালি থকা আৰু সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা যায়।

বিএলএফৰ মতে, কেএএডিৰ মহিলাসকলে যুদ্ধৰ উপৰিও চোৰাংচোৱা তথ্য সংগ্ৰহ, যোগাযোগ, চিকিৎসা সহায়, আৰু লজিষ্টিক আদিৰ ক্ষেত্ৰতো ভূমিকা পালন কৰিব। সংগঠনটোৱে ইয়াৰ গঠনক নিজৰ সামৰিক গাঁথনিত মহিলাসকলৰ সংগঠিত অংশগ্ৰহণৰ দিশত এক পদক্ষেপ বুলি অভিহিত কৰিছে। সংস্থাটোৱে উল্লেখ কৰিছে যে কেএএডিয়ে পাকিস্তানৰ নিৰাপত্তা বাহিনী আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাৰ লগতে বেলুচ সমাজৰ পিতৃতান্ত্রিক ব্যৱস্থা, শ্ৰেণীভিত্তিক শোষণ, আৰু ৰক্ষণশীল পৰম্পৰাক প্ৰত্যাহ্বান জনাব।

বেলুচ ছাত্ৰ সংগঠন (আজাদ)ৰ প্ৰাক্তন সভানেত্ৰী কৰিমা বালোচৰ নামেৰে কাড (KAAD) নামকৰণ কৰা হৈছে। বিএলএফে এই ইউনিট গঠনক কৰিমা বেলুচৰ “সংগ্ৰাম”ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰি বেলুচ আন্দোলনত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছে।

আক্ৰমণ, সামৰিক বাহনৰ ক্ষতি, বা হতাহতিৰ দাবী সন্দৰ্ভত পাকিস্তানৰ পৰা কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande