ফকিৰাগ্ৰাম সমষ্টিৰ খেজুৰবাৰী গাওঁত পথৰ আধাৰশিলা স্থাপন
কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ অধিন প্ৰতাপখাতা ভিছিডিছিৰ অধিন খেজুৰবাৰী গাওঁত ১৫ নং বিত্তীয় আয়োগৰ ২০২৫-২৬ বৰ্ষৰ অধিনত খেজুৰবাৰী গাঁৱৰ বাসিন্দা ছামছুদ্দিনৰ ঘৰৰ পৰা ছাৰাব আলীৰ ঘৰলৈ আই.চি.বি.পি. (ICBP) পথ
ফকিৰাগ্ৰাম সমষ্টিৰ খেজুৰবাৰী গাওঁত পথৰ আধাৰশিলা স্থাপন


কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ অধিন প্ৰতাপখাতা ভিছিডিছিৰ অধিন খেজুৰবাৰী গাওঁত ১৫ নং বিত্তীয় আয়োগৰ ২০২৫-২৬ বৰ্ষৰ অধিনত খেজুৰবাৰী গাঁৱৰ বাসিন্দা ছামছুদ্দিনৰ ঘৰৰ পৰা ছাৰাব আলীৰ ঘৰলৈ আই.চি.বি.পি. (ICBP) পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে পাৰিষদ এজামূল হকে ।

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত পাৰিষদ এজামূল হ'কৰ লগতে ফকিৰাগ্ৰাম পৌৰ সভাৰ পৌৰপতি ছুলতান আলম , বিপিএফ দলৰ কেন্দ্ৰীয় কোষাধ্যক্ষ দিলদাৰ আলী , বিপিএফ দলৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুচেইনৰ লগতে কৰ্তিমাৰী ভিছিডিছিৰ অধ্যক্ষ মইনুল হ'ক , প্ৰতাপখাতা ভিছিডিছিৰ অধ্যক্ষ , যগদৈ ভিছিডিছিৰ অধ্যক্ষৰ লগতে বিপিএফ দলীয় কৰ্মী সকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande