কোকৰাঝাৰ মেডিকেল কলেজত অগ্নিনিৰাপত্তা আৰু জৰুৰীকালীন উদ্ধাৰ অভিযানৰ মক ড্ৰিল
কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ লগতে অগ্নিনিৰাপত্তা আৰু উদ্ধাৰ প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত (KMCH) এক উদ্ধাৰ অভিযানৰ মক ড্ৰিল তথা স
কোকৰাঝাৰ মেডিকেল কলেজত অগ্নিনিৰাপত্তা আৰু জৰুৰীকালীন উদ্ধাৰ অভিযানৰ মক ড্ৰিল


কোকৰাঝাৰ মেডিকেল কলেজত অগ্নিনিৰাপত্তা আৰু জৰুৰীকালীন উদ্ধাৰ অভিযানৰ মক ড্ৰিল


কোকৰাঝাৰ মেডিকেল কলেজত অগ্নিনিৰাপত্তা আৰু জৰুৰীকালীন উদ্ধাৰ অভিযানৰ মক ড্ৰিল


কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ লগতে অগ্নিনিৰাপত্তা আৰু উদ্ধাৰ প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত (KMCH) এক উদ্ধাৰ অভিযানৰ মক ড্ৰিল তথা সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত চিকিৎসালয়ৰ কৰ্মচাৰীসহ প্ৰায় ১০০গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত কোকৰাঝাৰ চিকিৎসা মহাবিদ্য়ালয় চিকিৎসালয়ৰ উপাধ্যক্ষ, উপ-অধীক্ষক, DDMAৰ DPO আৰু FO, Fire & Emergency Servicesৰ Sub-Officer, SDRF, DDRFৰ প্ৰতিনিধিৰ লগতে চিকিৎসালয় খনৰ অন্যান্য কৰ্মচাৰী উপস্থিত থাকে। মক ড্ৰিলৰ মূল উদ্দেশ্য আছিল জৰুৰীকালীন অৱস্থাত চিকিৎসালয়ৰ কৰ্মচাৰী সকলক নিৰাপদে উদ্ধাৰ আৰু স্থানান্তৰৰ প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰা, সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা আৰু অগ্নিনিৰাপত্তা তথা জৰুৰীকালীন প্ৰস্তুতি সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা।

অনুষ্ঠানত অগ্নিনিৰ্বাপক সঁজুলিৰ ব্যৱহাৰৰ ওপৰত হাতে-কামে প্ৰশিক্ষণ আৰু ব্যৱহাৰিক প্ৰদৰ্শন আগবঢ়োৱা হয়। লগতে অগ্নিকাণ্ড বা অন্য কোনো জৰুৰী পৰিস্থিতিৰ সৃষ্টি হ’লে গ্ৰহণ কৰিবলগীয়া তাৎক্ষণিক সুৰক্ষা ব্যৱস্থা সম্পৰ্কে অংশগ্ৰহণ কাৰীসকলক প্ৰশিক্ষণ দিয়া হয়। মক ড্ৰিলৰ জৰিয়তে চিকিৎসালয়ৰ কৰ্মচাৰী আৰু সংশ্লিষ্ট অংশীদাৰ সকলৰ জৰুৰীকালীন সঁহাৰি, উদ্ধাৰ প্ৰক্ৰিয়া আৰু অগ্নিনিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত ব্যৱহাৰিক প্ৰস্তুতি অধিক শক্তিশালী হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande