
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত শনিবাৰে ১৪০ দফীয়া নতুন দিল্লী ঘোষণাপত্ৰ জাৰি কৰা হয়। ইয়াত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংস্কাৰ, বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ প্ৰয়োজনীয়তা, একপক্ষীয় শাস্তিমূলক বাণিজ্যিক নিষেধাজ্ঞা নিৰ্মূল, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিত্বৰ বৈষম্য দূৰ কৰা আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত মহিলা আৰু আঞ্চলিক প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভেটো ক্ষমতাযুক্ত চীন আৰু ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত আৰু ব্ৰাজিলৰ স্থায়ী সদস্যপদৰ সমৰ্থন কৰিছিল। ব্ৰিকছ দেশসমূহে জম্মু-কাশ্মীৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা, সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী বিত্তীয় সাহায্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সৰ্বাংগীন সন্মিলন আগতীয়াকৈ গ্ৰহণ কৰাৰ আহ্বান জনায়।
ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত সন্মিলনত ব্ৰিকছৰ নেতাসকলে বিশ্ব অৰ্থনৈতিক অস্থিৰতা, আঞ্চলিক সংঘাত আৰু গ্ল’বেল চাউথৰ ক্ৰমবৰ্ধমান ভূমিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ঘোষণাপত্ৰত ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান, আৰু বিশ্ব বাণিজ্য ব্যৱস্থাক বৰ্তমানৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক বাস্তৱতাৰ সৈতে খাপ খুৱাবলৈ আহ্বান জনোৱা হৈছে।
ঘোষণাপত্ৰখনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰৰ আহ্বান পুনৰবাৰ উল্লেখ কৰি আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাত উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান নিৰ্বাচনত অধিক অন্তৰ্ভুক্ত আৰু সুষম আঞ্চলিক প্ৰতিনিধিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ঘোষণাত উল্লেখ কৰা হৈছে যে কোনো মহিলাই কেতিয়াও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা নাই, আনহাতে লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ পৰা মাত্ৰ এগৰাকী আৰু আফ্ৰিকা আৰু এছিয়াৰ দুগৰাকীকৈ এই পদত অধিষ্ঠিত হৈছে।
ব্ৰিকছ দেশসমূহে একপক্ষীয় শাস্তিমূলক ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি আৰোপ কৰা অৰ্থনৈতিক আৰু গৌণ নিষেধাজ্ঞাক গৰিহণা দিয়ে। বিবৃতিটোত কোৱা হৈছে যে এইবোৰে সাধাৰণ জনসাধাৰণৰ মানৱ অধিকাৰ, স্বাস্থ্য, খাদ্য সুৰক্ষা, আৰু উন্নয়নত প্ৰভাৱ পেলায়, দৰিদ্ৰ আৰু দুৰ্বল লোকসকলক অসমতাপূৰ্ণভাৱে প্ৰভাৱিত কৰে। ব্ৰিকছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন অবিহনে জাৰি কৰা এনে নিষেধাজ্ঞাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ বিপৰীত সকলো একপক্ষীয় শাস্তিমূলক ব্যৱস্থা নিৰ্মূল কৰাৰ দাবী জনায়।
বাণিজ্যিক ক্ষেত্ৰত নেতাসকলে অশুল্ক বাধা আৰু বৈষম্যমূলক কাৰ্বন শুল্কক লৈ উদ্বেগ প্ৰকাশ কৰি বিশ্ব বাণিজ্য ব্যৱস্থাক ন্যায্য আৰু স্বচ্ছ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে সীমা অতিক্ৰম কৰি পেমেণ্টৰ উন্নতি, স্থানীয় মুদ্ৰাৰ বাণিজ্য প্ৰসাৰ, আৰু ব্ৰিকছ পেমেণ্ট টাস্ক ফ’ৰ্চৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক আদৰণি জনায়। বিশ্ব খাদ্য সুৰক্ষাৰ বাবে ব্ৰিকছ শস্য বিনিময় স্থাপনৰ দিশতো অগ্ৰগতিৰ কথাও প্ৰকাশ পাইছিল। নতুন উন্নয়ন বেংকৰ কামৰ প্ৰশংসা কৰা হয়, আৰু আন্তঃগাঁথনি আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্তীয় সাহায্য বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ব্ৰিকছে আন্তঃৰাষ্ট্ৰীয় বিবাদ সমাধানৰ বাবে গুৰুত্বপূৰ্ণ আহিলা হিচাপে আলোচনা, প্ৰতিৰোধমূলক কূটনীতি আৰু মধ্যস্থতাক গুৰুত্ব আৰোপ কৰিছিল। সংশ্লিষ্ট পক্ষৰ সহমতৰ ভিত্তিত সংঘাত প্ৰতিৰোধ আৰু শান্তি প্ৰক্ৰিয়াত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৩২৫ নং প্ৰস্তাৱ আৰু শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ সম্পৰ্কীয় পৰৱৰ্তী প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। তেওঁলোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ সম্পূৰ্ণ, সম আৰু অৰ্থপূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ব্ৰিকছ দেশসমূহে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে সৰ্বোচ্চ সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনি সুৰক্ষা আৰু দেশসমূহৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰা হয়। বিশ্ব বাণিজ্য, যোগান শৃংখল আৰু শক্তিৰ মসৃণ প্ৰবাহ বজাই ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল।
পাৰমাণৱিক সুৰক্ষাৰ সন্দৰ্ভত ব্ৰিকছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সুৰক্ষাৰ অধীনত অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক স্থাপনৰ ওপৰত ইচ্ছাকৃতভাৱে কৰা আক্ৰমণক গৰিহণা দিয়ে। নেতাসকলে উল্লেখ কৰে যে যুদ্ধ বা সশস্ত্ৰ সংঘাতৰ সময়তো পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তাৰ মানদণ্ড বজাই ৰখাটো অতি প্ৰয়োজনীয়।
গাজাৰ সন্দৰ্ভত ব্ৰিকছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ২৮০৩ নং প্ৰস্তাৱকে ধৰি প্ৰাসংগিক প্ৰস্তাৱ ৰূপায়ণৰ আহ্বান জনায়। সকলো পক্ষকে যুদ্ধবিৰতি বজাই ৰাখিবলৈ আৰু মানৱীয় সাহায্যৰ সম্পূৰ্ণ আৰু বাধাহীন সুবিধা নিশ্চিত কৰিবলৈ আহ্বান জনায়। ব্ৰিকছে গাজাৰ পৰা পেলেষ্টাইনীসকলক বলপূৰ্বকভাৱে স্থানান্তৰিত কৰাৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ সম্পূৰ্ণ সদস্যপদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। দখল কৰা জেৰুজালেমৰ আইনী আৰু ঐতিহাসিক মৰ্যাদা সলনি কৰা একপক্ষীয় পদক্ষেপকো নাকচ কৰা হৈছিল।
সন্ত্ৰাসবাদৰ বিষয়টোত ঘোষণাপত্ৰখনে ২০২৫ চনৰ ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণক বিশেষভাৱে গৰিহণা দিয়ে। ব্ৰিকছে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি পুনৰবাৰ উল্লেখ কৰে, সন্ত্ৰাসবাদীৰ সীমা অতিক্ৰম কৰি চলাচলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদান আৰু সন্ত্ৰাসবাদীক নিৰাপদ আশ্ৰয়স্থল প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াত গুৰুত্ব আৰোপ কৰা হৈছিল যে সন্ত্ৰাসবাদক কোনো ধৰ্ম, জাতি, সভ্যতা, জনগোষ্ঠীৰ সৈতে জড়িত কৰা উচিত নহয়। সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দ্বৈত মানদণ্ড নাকচ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আৰু তেওঁলোকৰ সমৰ্থকসকলক বিচাৰৰ সন্মুখীন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । ব্ৰিকছ কাউণ্টাৰ-টেৰ’ৰিজম ৱৰ্কিং গ্ৰুপৰ পাঁচটা উপ-গোটৰ কামকো আদৰণি জনোৱা হয়।
প্ৰযুক্তিৰ ক্ষেত্ৰত, ব্ৰিকছ নেতাসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ গোলকীয় শাসনৰ ওপৰত বিবৃতিটো সমৰ্থন কৰে । ই গোলকীয় দক্ষিণৰ বাবে এআই, শক্তি দক্ষতা, আৰু নিৰ্ভৰযোগ্য এআই প্ৰণালীৰ ন্যায়সংগত প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । শক্তি খণ্ডত নৱীকৰণযোগ্য শক্তিৰ প্ৰত্যাৱৰ্তনৰ সৈতে জীৱাশ্ম ইন্ধনৰ বৰ্তমানৰ প্ৰয়োজনীয়তাৰ স্বীকৃতি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান শৃংখলাক সুৰক্ষিত আৰু স্থিতিস্থাপক কৰাৰ আহ্বান জনোৱা হৈছিল ।
মহাকাশ খণ্ডত ইউৰি গাগৰিনৰ মহাকাশ উৰণৰ আগন্তুক ৬৫ সংখ্যক বাৰ্ষিকী উপলক্ষে ব্ৰিকছ ৰিম’ট চেঞ্চিং ছেটেলাইট কনষ্টেলেচন এণ্ড স্পেচ ডেব্ৰিছ মিটিগেচন মেকানিজমৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। জনস্বাস্থ্যৰ ক্ষেত্ৰত, সুস্থ জীৱনশৈলীৰ বাবে ব্ৰিকছ মিছন (২০২৬-২০২৯) ৰ শুভাৰম্ভৰ কথা ঘোষণা কৰা হৈছিল। ভাৰতৰ নিমহান্সৰ সৈতে সমন্বয় কৰি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত উৎকৃষ্টতা কেন্দ্ৰৰ এক নেটৱৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
ঘোষণাপত্ৰখনত ব্ৰিকছ দেশসমূহৰ মাজত দক্ষিণ-দক্ষিণ সহযোগিতা অধিক শক্তিশালী কৰা আৰু বিশ্ব শৃংখলাত সুস্থিৰতা অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। নেতাসকলে কয় যে ব্ৰিকছে বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰা, বৈশ্বিক প্ৰতিষ্ঠানসমূহৰ দুৰ্বলতা দূৰ কৰা আৰু উন্নয়নশীল দেশসমূহৰ কণ্ঠস্বৰক ব্লক ৰাজনীতিৰ অংশ হোৱাৰ পৰিৱৰ্তে অধিক ফলপ্ৰসূভাৱে সন্মুখলৈ অনাৰ বাবে কাম কৰা উচিত।
ব্ৰিকছ নেতাসকলে কয় যে বৈশ্বিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ কেৱল বৰ্ধিত প্ৰতিনিধিত্বতে সীমাবদ্ধ থাকিব নালাগে, বৰঞ্চ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াবোৰো বৰ্তমানৰ বৈশ্বিক অৰ্থনৈতিক আৰু ৰাজনৈতিক বাস্তৱতাৰ সৈতে খাপ খুৱাব লাগে। ঘোষণাপত্ৰখনত কৌশলগত স্বায়ত্তশাসন আৰু ফলপ্ৰসূ বহুপাক্ষিক সহযোগিতাৰ মাজত ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
চীনে ২০২৭ বৰ্ষৰ বাবে ব্ৰিকছৰ সভাপতিত্ব গ্ৰহণ কৰিব আৰু ১৯ সংখ্যক ব্ৰিকছ সন্মিলন আয়োজন কৰিব ।
--------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া